বিশ্বত অব্যাহত ভাৰতীয় ভেকচিন ক'ভাক্সিনৰ জয়যাত্ৰা : গৱেষণাত উচ্চ প্ৰশংসা





বিশ্বৰ বুকুত অব্যাহত আছে ভাৰতীয় কৰোনা ভেকচিন ক'ভাক্সিনৰ জয়যাত্ৰা। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰা ক'ভাক্সিন এতিয়া বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ স্বীকৃত ভেকচিন। শেহতীয়াকৈ ভেকচিনটো কাৰ্যকৰীতাক উচ্চ প্ৰশংসা কৰিছে এখন আগশাৰীৰ আন্তৰ্জাতিক জাৰ্নেল 'দ্য লেনছেট'-এ। চিকিৎসা বিজ্ঞানৰ খ্যাতিসম্পন্ন আৰু মৰ্যাদাৰ জাৰ্নেলখনত ক'ভাক্সিনক লৈ প্ৰকাশিত গৱেষণাপত্ৰ এটাত কোৱা হৈছে যে ভেকচিনটোৱে কৰোনা ভাইৰাছ প্ৰতিৰোধত ৭৭.৮ শতাংশ কাৰ্যকৰী। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিশ্বৰ আন আন দেশত উৎপাদিত ভেকচিনৰ কাৰ্যকৰীতাও প্ৰায় সমপৰ্যায়ৰ। গবেষণাপত্রত কোৱা হৈছে যে দুই পালি ক'ভাক্সিন লোৱাৰ দুই সপ্তাহৰ পিছত দেহত কৰোনা ভাইৰাছ প্ৰতিৰোধী এণ্টিবডী শক্তিশালী ৰূপত গঠন হ'বলৈ ধৰে।

কোভ্যাক্সিনৰ নির্মাতা সংস্থা ‘ভাৰত বায়োটেক লিমিটেড’-ও মানৱদেহত টিকা পৰীক্ষাৰ (হিউমেন ক্লিনিকেল ট্রায়েল) তৃতীয় পর্যায়ৰ তথ্য বিশ্লেষণ কৰি একেই দাবী কৰিছিল। শেহতীয়াকৈ ‘বিশ্ব স্বাস্থ্য সংস্থা’ (হু)-ই সেই দাবীক স্বীকৃতি দিছে। উল্লেখ্য যে ২০২০ চনৰ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মে'লৈকে দুই পালি ক'ভাক্সিন লোৱা ২৪,৪১৯জনৰ দেহত পৰীক্ষাৰ ফল বিশ্লেষণ কৰি ভেকচিনটোৰ কার্যকাৰিতা সম্পর্কে নিঃসংশয় হৈছে গৱেষণাটো। ১৮ৰ পৰা ৯৭ বছর বয়সিয়াল লৈকে কাৰোৱেই দেহত ক'ভাক্সিনৰ ক্ষতিকাৰক প্রতিক্রিয়া দেখা পোৱা নাই বুলি গৱেষণাত দাবী কৰা হৈছে।

3 views0 comments