আধুনিক অসমত জনজাতীয় নেতাৰ অৱদান



অসম তথা অসমীয়াৰ আধুনিক জগতখনলৈ যাত্ৰা আন সকলো জাতিসত্তাৰ দৰে একেদিনাই হোৱা নাছিল। ই উত্তৰণৰ এটা নিৰন্তৰ যাত্ৰা। প্ৰাচীন কামৰূপৰ পৰা আজিৰ একবিংশ সতিকালৈ যাত্ৰাটো বিৰামহীনভাৱে চলি আহিছে। ক’বলৈ গ’লে ব্ৰিটিছৰ শাসনৰ অধীনলৈ যোৱাৰ পাছৰে পৰা অসমত আধুনিক যাত্ৰাটোৰ সবল আৰম্ভণি হয়। শিক্ষা-দীক্ষাৰ সুবিধা আৰু ব্ৰটিছৰ আনুগত্যৰে এই অঞ্চলটোত বিকশিত হোৱা মধ্যবিত্তৰ হাতত ধৰি অসমে আধুনিক জীৱনযাত্ৰালৈ ঢাপলি মেলে। সেই সময়ছোৱাত ভূ-খণ্ডটোত জনজাতীয় সমাজখনৰ উত্তৰণ কাংক্ষিত ধৰণে হোৱা নাছিল। ঊনবিংশ শতিকাৰ ঔপনিৱেশিক শাসনত শোষণ-লুণ্ঠন-উৎপীড়নৰ গ্ৰাসত পৰা তথা মুদ্ৰা অৰ্থনীতিত অনভ্যস্ত অসমৰ আন সাধাৰণ লোকৰ দৰে জনজাতীয় লোকসকলো অসহায়-অতিষ্ঠ হৈ পৰিছিল। আহোম ৰাজত্বৰ সময়ত জনজাতিসকলৰ বেছি ভাগেই একোটা বিস্তীৰ্ণ অঞ্চলত নিজস্ব জীৱন-যাত্ৰা, ধৰ্ম-ভাষা-সংস্কৃতি লৈ আছুতীয়াকৈ বসবাস কৰিছিল। কিন্তু, ঔপনিৱেশিক শাসন, অৰ্থনীতি আৰু যোগাযোগৰ নৱ্য ব্যৱস্থাই তেওঁলোকৰ পূৰ্বৰ বিচ্ছিন্ন আৰু নিৰুদ্বেগ জীৱন যাপনলৈ কঠিন প্ৰত্যাহ্বান আনি দিয়ে। ঔপনিৱেশিক শাসনকালত জনজাতীয় লোকসকল তিনি তৰপীয়া শোষণ-লুণ্ঠনৰ সন্মুখীন হৈছিল। প্ৰথমটো স্তৰত আছিল ব্ৰিটিছৰ শোষণ-শাসন। দ্বিতীয় তৰপত শোষণ কৰিছিল দেশীয় পুঁজিপতি, জমিদাৰ, ব্যৱসায়ী আদিয়ে। তৃতীয় স্তৰত আছিল গাঁৱে-ভূঁয়ে সিঁচৰতি হৈ থকা সুদখোৰ মহাজন, ক্ষুদ্ৰ ব্যৱসায়ী, মণ্ডল, তহচিলদাৰ, গাঁওবুঢ়া আদি। তদুপৰি, আহোম, কোচ আদি জনগোষ্ঠীৰ দৰে জনজাতীয় লোকসকলেও শোষণ-লুণ্ঠন প্ৰক্ৰিয়াৰ সহযোগী বৰ্ণহিন্দু অসমীয়া, বাঙালী, মাৰোৱাৰী আদি সম্প্ৰদায়ক শত্ৰু বা অনাত্মীয়ৰূপে গণ্য কৰিছিল।

ভাৰতৰ অন্যান্য অংশৰ দৰে অসমতো ব্ৰিটিছৰ শাসনৰ প্ৰধান আৰু একমাত্ৰ লক্ষ্য আছিল শোষণ আৰু লুণ্ঠন। যেনেতেনে ৰাজহ সংগ্ৰহ কৰি নিজৰ বৰপেৰাটো টনকীয়াল কৰাৰ বাবে ব্ৰিটিছ শাসকে মূলতঃ নীতি গ্ৰহণ কৰিছিল। কিন্তু কৃষিৰ আন্তঃগাঁথনি উন্নয়নত অলপো গুৰুত্ব দিয়া নাছিল। জনজাতীয় কৃষকসকলে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য কৰিবলগীয়া হৈছিল। প্ৰতিকূল বতৰৰ বাবে কৃষিজীৱী জনজাতীয়সকল প্ৰায়েই দুৰ্ভিক্ষৰ কবলত পৰিছিল। ইপিনে, অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীয়ে ইংৰাজী শিক্ষা গ্ৰহণেৰে চাকৰি-বাকৰি আদায় কৰি ল’লেও অসমৰ সাধাৰণ শ্ৰেণীৰ লগতে ভৈয়ামৰ জনজাতীয় লোকসকলৰ মাজত ইংৰাজী শিক্ষাৰ প্ৰতি বিশেষ আগ্ৰহ পৰিলক্ষিত নহৈছিল। আচলতে প্ৰশাসনে ভৈয়ামৰ জনজাতীয় লোকসকলৰ মাজত ইংৰাজী ভাষা প্ৰচাৰ-প্ৰসাৰৰ বাবে শাসকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। ভৈয়ামৰ জনজাতিসকলে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰা বাবে সম্ভৱতঃ মিছনেৰীসকলেও তেওঁলোকৰ মাজত ইংৰাজী শিক্ষা প্ৰচাৰৰ উদ্যোগ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’বলৈ আৰম্ভ কৰা পাহাৰীয়া জনজাতিসকলে মিছনাৰীসকলৰ জৰিয়তে ইংৰাজী শিক্ষা লাভৰ সুযোগ বহু আগতেই পাইছিল। বিংশ শতিকাৰ প্ৰথমছোৱাতে অবিভক্ত অসমৰ ৰাজধানী শ্বিলং চহৰত এন্থনী কলেজ, এডমাণ্ডছ কলেজৰ দৰে উচ্চ শিক্ষানুষ্ঠান স্থাপন হৈছিল। ইয়াৰ সুবাদত মিজো, নগা, খাচি, গাৰো আদি পাহাৰীয়া জনজাতি যুৱকসকল আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত হৈছিল আৰু স্বাধীনতাৰ পূৰ্বেই তেওঁলোকে স্বকীয় জাত্তিসত্তাক উপলব্ধি কৰিব পাৰিছিল।

অসমৰ ভৈয়ামৰ জনজাতিসকলৰ শৈক্ষিক দুৰৱস্থাৰ ছবিখন প্ৰতিফলিত হৈছে ট্ৰাইবেল লীগে ১৯৪৭ চনত দাখিল কৰা এখন স্মাৰকপত্ৰত। তাত কোৱা হৈছে যে জনজাতিসকলৰ সাক্ষৰতা পাঁচ শতাংশতকৈ অধিক নহয়। ১৯৩১ চনতো পাঁচ বছৰৰ ওপৰৰ ল’ৰাৰ সাক্ষৰতাৰ হাৰ আছিল ৩.১ শতাংশ আৰু ছোৱালীৰ ০.৪ শতাংশ। ১৯২১ চনত সেই পৰিসংখ্যা আছিল ক্ৰমে ১.৯ শতাংশ আৰু ০.২ শতাংশ। অথচ, সেই সময়ছোৱাত ব্ৰাহ্মণ পুৰুষ আৰু নাৰীৰ সাক্ষৰতাৰ হাৰ আছিল ক্ৰমে ৭২.১ শতাংশ আৰু ১৯.৪ শতাংশ। ১৯৪৭ চনলৈকে মাত্ৰ তিনিজন জনজাতি ছাত্ৰইহে চিকিৎসা বিজ্ঞান পঢ়িবৰ বাবে বৃত্তি লাভ কৰিছিল।২



ইয়াৰ পৰা বুজিবলৈ অসুবিধা নহয় যে ঊনবিংশ শতিকাত অৱহেলিত আৰু স্থবিৰতাৰ মাজত বন্দী হৈ থকা জনজাতীয় লোকসকলৰ মাজৰ পৰা আধুনিক অসমীয়া চিন্তালৈ অৱদান আগবঢ়াব পৰাৰ সুবিধা বা পৰিৱেশ নাছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, নৱ্যউত্থিত মধ্যবিত্ত শ্ৰেণীটোৰ বহুতে তেওঁলোকক ‘অসমীয়া’ বুলিয়েই ভবা নাছিল।

‘মৌ’ আলোচনীখনে অসমীয়া উচ্চবৰ্ণ তথা উচ্চ মধ্যবিত্ত শ্ৰেণীৰ সপক্ষে আৰু তথাকথিত নিম্নবৰ্ণৰ জাতি-জনগোষ্ঠীবোৰৰ বিপক্ষে দেখদেখকৈ অৱস্থান গ্ৰহণ কৰিছিল। তাত কোৱা হৈছিল– ‘আজিকালি অসমীয়া মানুহৰ ভিতৰতে পৰস্পৰ ইমান হিংসা, ইমান পৰশ্ৰীকাতৰতা যে এইদৰে আৰু পঞ্চাশ বছৰ চলিব লাগিলে অসমীয়া মানুহ পৃথিৱীত সঁচাসঁচিকৈ লোপ হ’ব। আছাম কছাৰী, মিকিৰ, হোজাই আৰু বাঙালী কুলিৰ বসতি হ’ব।’ (উচ্চশিক্ষা, মৌ, ১১৪) এই প্ৰতিক্ৰিয়াশীল বিবৃতিটোৰ পৰা স্পষ্ট হয় যে ‘মৌ’ৱে অৰ্থাৎ একাংশ উচ্চ মধ্যবিত্ত অসমীয়াই ‘কছাৰী’ (বড়ো), ‘মিকিৰ’ (কাৰ্বি), ‘হোজাই’ (বৰ্তমান লুপ্ত) আৰু ‘বাঙালী কুলি’ (ঝাৰখণ্ডী আদিবাসী)সকলক ‘অসমীয়া’ সংজ্ঞাৰ ভিতৰত ধৰা নাছিল আৰু তেওঁলোকৰ প্ৰতি ধাৰণা অতি ধিক্কাৰজনক আছিল।

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰো অনাৰ্য বা জনজাতীয় লোকৰ প্ৰতি ঘৃণা-বিদ্বেষ কম নাছিল। তেওঁৰ অভিধান ‘হেমকোষ’ৰ পাতে পাতে জাতি, বৰ্ণ আৰু শ্ৰেণীগত বিদ্বেষ-ঘৃণা ফুটি উঠিছিল। উদাহৰণস্বৰূপে, তেওঁ ‘কিৰাত’ শব্দৰ অৰ্থ ‘পৰ্বতীয়া বা হাবিয়াল অসভ্য জাতিৰ মানুহ, নগা-ডফলা-মিৰি আদি’ বুলি উল্লেখ কৰিছিল। সেইদৰে, গুণাভিৰাম বৰুৱাই ‘আসাম বুৰঞ্জী’ত মিকিৰ (কাৰ্বি)সকলক বান্দৰৰ বংশধৰ বুলি আখ্যা দিয়াৰ লগতে¸ কাৰ্বি শব্দৰ সংস্কৃত ব্যাখ্যা দি তাৰ অৰ্থ কেঁচা মাংসখাদক বুলি কৈছিল। ‘আসাম বন্ধু’ কাকতখন সম্পাদনা কৰা বৰুৱাই কাকতখনত ‘পৰ্বতীয়া লোক মাত্ৰেই অসভ্য আৰু মহালোভী অথচ অহংকাৰী’ বুলি লিখাৰ উপৰি খামতি, চিংফৌ, নাগা, গাৰো, আবৰ আদি পাৰ্বত্য জনজাতিসকলক ‘বিদেশী, অসভ্য, অশুচি’ বুলি অৰুচিকৰস অগ্ৰহণযোগ্য মন্তব্য কৰিছিল।

বৰ্ণ হিন্দুপ্ৰধান নতুন মধ্যবিত্ত শ্ৰেণীটোৱে অসমৰ জনজাতিসকলক ‘অসমীয়া’ বুলি নাভাবিলেও বা তেওঁলোকে বিভিন্ন ঘৃণা আৰু অৱজ্ঞাসূচক মন্তব্যৰে জনজাতিসকলক হেয় প্ৰতিপন্ন কৰিলেও প্ৰকৃত সত্যটো হ’ল যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক জনজাতিসকলৰ উদাৰ অংশগ্ৰহণেহে সবল আৰু সমৃদ্ধ কৰি তুলিছিল। আচলতে ‘জনজাতীয় ভাষা-সংস্কৃতি’ৰ উপাদানবোৰ বাদ দিলে অসমীয়া ভাষা-সংস্কৃতি বুলি ক’বলৈ একোৱেই নাথাকে। জনজাতিসকলৰ নিজা ভাষা বা দোৱান থকাৰ পাছতো তেওঁলোকে ঐতিহাসিকভাৱেই অসমীয়া ভাষাক সংযোগী ভাষা হিচাবে ব্যৱহাৰ কৰিছিল আৰু বিভিন্ন শব্দৰ বৰঙণিৰে ভাষাটোক সমৃদ্ধ কৰি তুলিছিল। উল্লেখ্য যে আহোম ৰাজতন্ত্ৰই অসমীয়া ভাষাক জাতীয় ভাষা হিচাবে বিকাশৰ ৰাজনৈতিক পৰিৱেশ ৰচনা কৰাৰ দৰে শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ময়ো সাংস্কৃতিকভাৱে অসমীয়া ভাষাক সকলো জনজাতি-জনগোষ্ঠীৰ উমৈহতীয়া ভাষা হিচাবে বিকাশ আৰু বিস্তাৰত সহায় কৰিছিল। এই প্ৰসংগতে কছাৰী ৰজা মহামাণিক্যই মাধৱ কন্দলিক ‘ৰামায়ণ’ ৰচনাৰ বাবে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ কথাও মনত পেলাব পাৰি।

কোৱা বাহুল্য যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল কেন্দ্ৰস্বৰূপ সত্ৰসমূহৰ শৰণ ব্যৱস্থাৰ জৰিয়তে জনজাতিসকলৰ সংস্কৃতায়ন প্ৰক্ৰিয়াটোৱে এক নতুন গতি লাভ কৰিছিল। শৰণীয়া জনজাতীয়ৰপৰা সৰু কোচ, সৰু কোচৰপৰা বৰকোচ, বৰকোচৰপৰা কেওট-কলিতাৰ শাৰীলৈকে উধাই যোৱাৰ বিধান থকাৰ ফলত জনজাতীয় সমাজখনত সামাজিক স্তৰ বিভাজনৰ সৃষ্টি নোহোৱাও নহয়। সেইদৰে, হিন্দু সমাজৰ খাপে খাপে বিন্যস্ত আন্তঃগাঁথনিত সংস্কৃতায়ন প্ৰক্ৰিয়াৰে হিন্দু ধৰ্মীয় আচাৰ-নীতি আদৰি লোৱা ভৈয়ামৰ জনজাতিসকলৰ স্থান হ’ল জন্মানুসৰি স্থিৰকৃত সামাজিক জখলাৰ একেবাৰে তলৰ খাপত। ‘প্ৰথমাৱস্থাত এই নিম্ন স্থান নিৰ্বিবাদে মানি ল’লেও আধুনিক শিক্ষাৰে এচাম যুৱক-যুৱতী শিক্ষিত হৈ উঠাৰ পাছত তেওঁলোকৰ বোধোদয় ঘটিল আৰু ধৰ্ম নিয়ন্ত্ৰিত সামাজিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে ঘুনুক-ঘানাককৈ মাত দিবলৈ ধৰিলে।’

সি যি নহওক, নৱবৈষ্ণৱ ধৰ্মৰ সংস্কৃতায়ন প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ জনজাতিসমূহে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈ অসমীয়া ভাষা-সংস্কৃতিক সমৃদ্ধ কৰাটো মধ্যযুগৰ অসমত নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ ঘটনা ৰূপেই চিহ্নিত হৈছে। সেইদৰে, ভক্তিধৰ্মৰ আন্দোলনটোৰ আটাইকেইটা ধাৰাই জনজাতীয় সমাজ গাঁথনি আৰু সাংস্কৃতিক জীৱনধাৰাত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। জনজাতিসকল ভাষিকভাৱে দ্বি-ভাষিক হ’বলৈও বাধ্য হৈছিল। ‘আধুনিক ধ্যান-ধাৰণা আৰু পৰিৱৰ্তনৰ চেতনাও তেওঁলোকে অসমীয়া ভাষাৰ মাধ্যমেৰেহে লাভ কৰিব পাৰিছিল। এনে ক্ষেত্ৰত অসমীয়া-ভাষী সমাজখনৰ ধৰ্ম, কলা-সংস্কৃতি তথা জীৱন-পদ্ধতি জনজাতীয় সমাজখনে অনুসৰণ কৰিবলৈ লৈছিল। ফলত, ভক্তিধৰ্মৰ আধ্যাত্মিক চিন্তা-চেতনা, আচাৰ-ৰীতি, কলা-শিল্প পৰম্পৰা, খাদ্যাভ্যাস, মাত-কথা আদিও জনজাতীয় জীৱন প্ৰৱাহত সোমাই পৰিল। এনেদৰেই মহাপুৰুষীয়া ভক্তিধৰ্ম গ্ৰহণ নকৰা লোকসকলৰ মাজতো ভক্তিধৰ্মৰ প্ৰভাৱ বিয়পি পৰিছিল।’

এনেধৰণৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটতে বিংশ শতিকাৰ আগছোৱাত অৱনত-অৱহেলিত জনজাতিসকলৰ মাজৰপৰা এচাম আধুনিক শিক্ষাৰে শিক্ষিত যুৱক ওলাই আহিছিল। সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা, ভীমবৰ দেউৰী, কালিচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে মিৰি, ধীৰসিং দেউৰী, খৰছিং টেৰাং, ডম্বৰুধৰ শইকীয়া, হেৰম্বনাথ বড়া, যাদৱচন্দ্ৰ খাখলাৰী, ধৰণীধৰ বসুমতাৰী, গম্ভীৰ চন্দ্ৰ বৰদলৈ, সীতানাথ ব্ৰহ্মচৌধুৰী আদি অন্যতম আছিল। সেই শিক্ষিত, আত্ম পৰিচয় সন্ধানী আৰু ৰাজনৈতিকভাৱে সচেতন যুৱক চামৰ কোনোৱে কেৱল নিজৰ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে, কোনোৱে নিজৰ জনগোষ্ঠীটোৰ লগতে সমগ্ৰ জনজাতীয় ৰাইজৰ উত্তৰণৰ বাবে আৰু কোনোৱে নিজৰ জনগোষ্ঠীটোৰ উপৰি জনজাতীয় ৰাইজ তথা সমগ্ৰ অসমীয়া জাতিৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। লক্ষণীয় যে বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) আৰু ভীমবৰ দেউৰী(১৯০৩-১৯৪৭)য়ে অসমৰ জনজাতিসমূহৰ সমান্তৰালভাৱে অসমীয়া জাতিৰ সৰ্বাংগীন উত্তৰণৰ বাবে নিজৰ জীৱন-যৌৱন উচৰ্গা কৰাই নহয়; অসমীয়া ‘আধুনিক’ চিন্তালৈও বিৰল অৱদান আগবঢ়াই থৈ গৈছে।

একেধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, মুক্তি যুঁজাৰু, ৰাজনীতিক আদি বিভিন্ন পৰিচয়েৰে পৰিচিত বিষ্ণুপ্ৰসাদ ৰাভাক বিংশ শতিকাৰ অসমৰ অন্যতম উল্লেখযোগ্য ব্যক্তি বুলি অভিহিত কৰিব পাৰি। অসমৰ সমাজ জীৱনত অদ্যপি গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা ৰাভাই আধুনিক অসমীয়া চিন্তালৈ কেনেধৰণৰ অৱদান আগবঢ়াইছিল, এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে এয়া জ্ঞাত হৈ ল’ব লাগিব যে তেৱোঁ অসমৰ জাতীয়তাবাদী নৱজাগৰণৰ এজন হোতা আছিল। সেই নৱজাগৰণৰ অন্যতম কাৰ্যসূচী আছিল জাতীয় গৌৰৱৰ অতীত সমলসমূহৰ পুনৰুদ্ধাৰৰ মাজেৰে জাতীয় চেতনা শক্তিশালী কৰি তোলা আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সৈতে যুঁজ দি হৃত স্বাধীনতা আহৰণ কৰা।

জীৱনৰ আগছোৱাত ৰাভাই জাতীয়তাবাদী চেতনাৰে উজ্জীৱিত হৈ বৃহত্তৰ অসম বা বৰ অসমৰ চিন্তা কৰিছিল। তেওঁ শংকৰী দৰ্শন আৰু শংকৰী সংস্কৃতিৰ পুনৰুজ্জীৱনৰ জৰিয়তে অসমৰ সমূহ জনগোষ্ঠীৰ লগতে নগা, খাচি, মণিপুৰী আদি উত্তৰ-পূবৰ জাতিবোৰক সামৰি লৈ এখন বৰ অসম গঢ়াৰ কথা ভাবিছিল। অৱশ্যে, তেওঁ বৰ্ণহিন্দু অসমীয়াৰ ভাষা-সংস্কৃতিক জোৰ-জুলুমকৈ অনাৰ্য জনগোষ্ঠীসমূহৰ ওপৰত জাপি দি ঐক্য-সমন্বয় গঢ়াৰ কথা ভবা নাছিল। তেওঁ সকলো জাতি-জনজাতিৰ মাজত ভাষা-সংস্কৃতিৰ আদান-প্ৰদান হ’লেহে আৰু সকলোৱে সম বিকাশৰ সুবিধা লাভ কৰিলেহে বৃহত্তৰ অসমীয়া জাতি বাচিব বুলি উপলব্ধি কৰিছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯২৮ চনত চাইমন কমিচন অসমলৈ আহোঁতে কমিচনৰ ওচৰত অসমৰ জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ তৰফৰপৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। স্মাৰকপত্ৰত জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ লোকসকল শৈক্ষিক, আৰ্থিক আদি সকলো দিশতে কেনেদৰে অৱহেলিত আৰু বঞ্চিত হৈ আছে, সেয়া তুলি ধৰা হৈছিল। চাইমন কমিচনত সাক্ষ্য দান কৰা অগ্ৰণী জনজাতীয় নেতা মহীচন্দ্ৰ মিৰিয়ে সাক্ষ্য দিয়াৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ৰ পাতত এখন চিঠি লিখিছিল। মিৰিয়ে চিঠিত উল্লেখ কৰিছিল যে অসমৰ দাঁতি কাষৰীয়া অঞ্চলত অনেক জাতি আছে আৰু এই জাতিসমূহৰ বেলেগ বেলেগ ভাষাও আছে। ভাষাসমূহ এতিয়াও দোৱান হিচাবেই আছে। এই অঞ্চলসমূহৰ পৰা যিবোৰ ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ আহিছে, তেওঁলোকে নিজৰ দেৱান এৰি আনৰ লগত মিহলি হ’ব নোখোজে।

তৎকালীন শিক্ষিত জনজাতীয়সকলৰ আত্মপৰিচয়ৰ হাবিয়াস মিৰিৰ চিঠিখনত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল–‘আমি ভাবিছো, দুখীয়া হক, নিচলা হক, আমি নিজৰ আইক্হহে “আই” বুলিম আৰু সেৱা কৰিম। অইন এজনী তিৰোতা চহকী হ’ল বুলি তেওঁক আমি আই বুলিবলৈ নাযাওঁ আৰু বুলিলেও আমাক সকলোৱে বাতুল বুলিহে ক’ব আৰু যা বুলি ভেকাহিহে মাৰিব।

আমাৰ হিতৈষী পুৰুষসকলে কয়–“নহয় তেওঁলোকৰ আই তোমালোকৰহে, কিন্তু আমাৰ আই তোমালোকৰো। তোমালোকৰ স্বাৰ্থ আমাৰ স্বাৰ্থতকৈ নিঃকিন। সেইকাৰণে আমাৰ আইকহে তোমালোকেও আই বুলিব লাগে।” আমি কওঁ– “সেইফালে যাবলৈ আমাৰ বাট নাইকিয়াৰ নিচিনাই। এতিয়া সুবিচাৰক আৰু বিজ্ঞলোকে নিঃস্বাৰ্থভাৱে কওকচোন, এই তিনি আলিৰ মূৰত থাকি আমি কোনটো বাট লওঁ?”

এই ঘটনাৰ দুবছৰৰ পাছত অৰ্থাৎ ১৯৩০ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ‘আৱাহন’ৰ পাতত ‘বৃহত্তৰ অসমৰ কল্পনা’ নামৰ এখন ৰচনা লেখি বৰ্ণহিন্দু নেতাসকলক সকীয়াই দিছিল যে অসমৰ অৱনত-অত্যাচাৰিত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ যদি অসমৰ ৰাজনীতিক আৰু সমাজনীতিকসকলে চেষ্টা নকৰে, তেন্তে ভৱিষ্যতে অসমৰ অৱনত-অত্যাচাৰিত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই দিয়া হ’ব আৰু গৃহ কন্দলৰ বাহ সাজি দিয়া হ’ব।

মহীচন্দ্ৰ মিৰি বা বিষ্ণুপ্ৰসাদ ৰাভাই তেনে উপলব্ধি প্ৰকাশ কৰাৰ মূল কাৰণ হ’ল, সেই সময়ত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ কেইবাজনো উল্লেখযোগ্য প্ৰতিনিধিয়ে অসমৰ জনজাতিসকলক তেওঁলোকৰ নিজৰ