AFSPA ৰ ওপৰত বিতৰ্ক অতি শীঘ্ৰেই অন্ত পৰিব: মাৰ্চৰ ভিতৰত আহিব ভাল খবৰ





সমগ্ৰ উত্তৰ-পূবতে এতিয়া AFSPA প্ৰত্যাহাৰৰ বাবে উঠিপৰি লাগিছে বিভিন্ন দল-সংগঠন । আফচপ প্ৰত্যাহাৰৰ বাবে কৰিছে প্ৰতিবাদ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ সন্দৰ্ভত বিতৰ্ক শীঘ্ৰেই সমাপ্ত হ'ব আৰু মাৰ্চৰ ভিতৰত "ভাল খবৰ" আহিব পাৰে বুলি কৰিছে মন্তব্য।


কিন্তু কিয় AFSPA প্ৰত্যাহাৰৰ বাবে উঠিপৰি লাগিছে সকলো। উল্লেখযোগ্য যে দেশৰ আভ্যন্তৰীণ সমস্যাৰ সৈতে মোকাবিলা কৰিবৰ বাবে ১৯৫৮ চনৰ ২২ মে’ তাৰিখে সংসদত গৃহীত কৰা হৈছিল সশস্ত্ৰ সেনা বাহিনী বিশেষ ক্ষমতা আইন। মানৱ অধিকাৰ ব্যাপকভাৱ খৰ্ব হোৱাৰ সুযোগ আছিল এই আইনখনত। এই আইনখন প্ৰথম অৱস্থাত অসম-মণিপুৰত বাহাল আছিল আৰু পৰৱৰ্তী পৰ্যায়ত এই আইন ১৯৫৮ চনৰ ১১ ছেপ্তেম্বৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো প্ৰযোজ্য কৰা হয়।


এই আইনৰ মূল উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্য অসম, অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ ৰোধ কৰা।


AFSPAত থকা ৭ তা বিশেষ ধাৰাৰ ৪ৰ পৰা ৬ নং ধাৰাত উল্লেখ কৰা প্ৰতিটো শব্দই মানৱ অধিকাৰ উলংঘন কৰে। আইনখনৰ ৪ নং ধাৰাত উল্লেখ কৰা অনুসৰি এই আইনৰ ৩ নং ধাৰাৰ দ্বাৰা ঘোষিত অশান্ত অঞ্চলত যিকোনো আয়ুক্ত পৰ্যায়ৰ বিষয়া, সম-পৰ্যায়ৰ সেনা বিষয়াই কোনোবাই আইন অমান্য কৰে বা আইন অমান্য কৰিছে বুলি অনুভৱ কৰে তেনেহলে গুলীচালনা কৰিব পৰাৰ ক্ষমতা আছে। যদিহে গুলীচালনাৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়াহলে দোষাৰোপ কৰা নহব সেনা বাহিনীক।


কোনোধৰণৰ আগতীয়া জাননী অবিহনে সন্দেহৰ ভিত্তিত কোনো ব্যক্তিক অপৰাধত জড়িত বুলি আটক কৰিব পৰাৰ ক্ষমতাও প্ৰদান কৰা হৈছে সেনা বাহিনীক। ইয়াৰোপৰি জাননী অবিহনে যিকোনো গৃহত প্রৱেশ কৰিব পাৰে সেনা বাহিনীয়ে আৰু কোনো ব্যক্তিক আইন বিৰোধী সামগ্রী লগত ৰখাৰ অভিযোগত আটক কৰিব পাৰে।


এই AFSPA-ই তেওঁলোকৰ ক্ষমতাৰ দ্বাৰা জনসাধাৰণক বৰ্বৰ নিৰ্যাতন কৰাৰ অভিযোগ আছে। যুৱতী-মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ আছে। শেহতীয়াকৈ নাগালেণ্ডত সংঘটিত হোৱা নিৰীহ হত্যাকাণ্ডৰ বিষয়েও সকলোৰে অৱগত। যাৰ বাবে এতিয়া AFSPA প্ৰত্যাহাৰ কৰিবলৈ সকলো জাগি উঠিছে।


এই সন্দৰ্ভতে দুলিয়াজানৰ ঔদ্যোগিক চহৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ (AFSPA) সন্দৰ্ভত বিতৰ্ক শীঘ্ৰেই সমাপ্ত হ'ব আৰু মাৰ্চৰ ভিতৰত "ভাল খবৰ" আহিব পাৰে।


"AFSPA সেনাৰ সৈতে সম্পৰ্কিত আৰু সেনাই অসমৰ বৃহৎ অংশত কাম কৰা নাই, কেৱল পাঁচ বা ছয়খন জিলাতহে কাম কৰিছে। গতিকে বৃহৎ অংশত কোনো বিশেষ বাহিনী আইন নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আমাক কিছুমান নিৰ্দেশনা দিছে আৰু আমি সেই অনুসৰি কাম কৰি আছো৷ AFSPAআইনৰ ওপৰত সমগ্ৰ বিতৰ্ক সোনকালেই সমাপ্ত হ'ব কিন্তু সম্পূৰ্ণ প্ৰত্যাহাৰ সম্ভৱতঃ নহ'বও পাৰে,"- এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আৰক্ষীৰ সুপ্ৰেণ্ডেণ্টৰ সৈতে দুলিয়াজানত ১৮ ঘণ্টাৰ বাবে আইন-শৃংখলা পৰিস্থিতি, অপৰাধৰ পৰিস্থিতি পৰ্যালোচনা কৰে।


১ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৈছিল যে "২০২২ চনত আমি AFSPA ওপৰত এক ইতিবাচক আন্দোলন দেখিম। কেনেকৈ আৰু কেতিয়া মই নাজানো। অৱশ্যে মই এজন আশাবাদী ব্যক্তি। আমি অসমত স্থায়ী শান্তি স্থাপন কৰা উচিত।"


ইফালে আগষ্ট মাহত অসমক 'অশান্ত এলেকা' হিচাপে ঘোষণা কৰি আৰু ছয় মাহৰ বাবে AFSPA ক সম্প্ৰসাৰিত কৰা হৈছিল যদিও ULFA ৰ স্বতন্ত্ৰ গোটক বাদ দি ৰাজ্যখনত কেইবাটাও পূৰ্বৰ অবৈধ সংগঠনে অস্ত্ৰ ত্যাগ কৰিছিল।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেন্দ্ৰক ULFA সৈতে আলোচনা আৰম্ভ কৰাৰ আগতে আলোচনাপন্থী ULFA গোটৰ সৈতে আলোচনা সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ আশা প্ৰকাশ কৰে যে ULFA ই এই বছৰৰ গণৰাজ্য দিৱস বৰ্জন নকৰিব পাৰে কিয়নো ই ইয়াৰ একপক্ষীয় যুদ্ধ বিৰতি দুবাৰ বৃদ্ধি কৰিছে।

7 views0 comments