ৰেলত পুনৰ উপলব্ধ ৰন্ধা খাদ্যৰ ব্যৱস্থা





দেশৰ ৰেলগাড়ীবোৰত পুনৰ উপলব্ধ হ'ব ৰন্ধা খাদ্যৰ ব্যৱস্থা । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পাছত ৰেল মন্ত্ৰালয়ে পুনৰ এই সেৱাক প্ৰচলন কৰিবলৈ মন মেলিছে । মহামাৰীৰ বাবে বন্ধ কৰি দিয়া এই ৰন্ধা খাদ্য বিতৰণ সেৱাক পুনৰ প্ৰচলন কৰিবলৈ ৰেলৱে বোৰ্ডে এক নিৰ্দেশনা জাৰি কৰিছে । যোৱা ১৯ নৱেম্বৰ তাৰিখে এক পত্ৰযোগে ৰেলৱে বোৰ্ডে আই আৰ চি টি চিক এই সেৱা পুনঃপ্ৰচলন কৰাৰ বাবে আহ্বান জনায় । ৰেলৱে বোৰ্ডে জনোৱা মতে খাবলৈ-সাজু (ready-to-eat) খাদ্যবোৰো যাত্ৰীক যোগান ধৰা হব । পত্ৰখনত উল্লেখ থকা অনুসৰি সাধাৰণ ৰেলসমূহ মুকলি কৰাৰ লগে লগে যাত্ৰীসকলৰ বিভিন্ন প্ৰয়োজনীয়তা আৰু অন্যান্য দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে এই সেৱাসমূহ পুনৰ প্ৰচলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে ৰেলৱে বিভাগে বিশেষ টেগক (tag)-ক আঁতৰাই সাধাৰণ ৰেলসমূহ পুনৰ নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

4 views0 comments