কৰোনাৰ সংক্ৰমণ : এসপ্তাহলৈ বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়





৭ ডিচেম্বৰলৈ বন্ধ থাকিব অসমৰ অন্যতম ইতিহাসপ্ৰসিদ্ধ উচ্চ শিক্ষানুষ্ঠান সন্দিকৈ কন্যা মহাবিদ্যালয়। মহাবিদ্যালয়খনত কৰোনাৰ ব্যাপক হাৰত সংক্ৰমণ ঘটাত মহানগৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰি শিক্ষানুষ্ঠানখনক এসপ্তাহলৈ মাইক্ৰ' কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হয়। মহাবিদ্যালয়খনৰ কেইবাগৰাকী অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰী কৰোনাত আক্ৰান্ত হোৱাত প্ৰশাসনে সেই সিদ্ধান্ত গ্ৰহণ কৰে।





উল্লেখ্য যে কৰোনাৰ বাবে ৰাজ্যৰ আন আন শিক্ষানুষ্ঠানৰ লগতে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল সন্দিকৈ কন্যা মহাবিদ্যালয়। ভাইৰাছটোৰ সংক্ৰমণ হ্ৰাস পোৱা পুনৰ শিক্ষানুষ্ঠানখন খুলি দিয়া হয়। কিন্তু মহাবিদ্যালয়খনত কৰোনাৰ ব্যাপক সংক্ৰমণ ঘটাত পুনৰ বন্ধ কৰিবলগীয়া হয়।

5 views0 comments