কৰোনা আপডেট : দেশত ২ লাখ, অসমত ৩ হাজাৰৰ কাষ চাপিল সংক্ৰমণ





কৰোনাৰ তৃতীয় লহৰত দেশজুৰি সংক্ৰমণৰ সংখ্যা, পজিটিভিটীৰ হাৰ আৰু সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশখনত কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাই দুই লাখৰ কাষ চাপিছে।  চহৰাঞ্চলৰ পৰিধি পাৰ হৈ গ্রামাঞ্চলতো বাঢ়িছে বাড়ছে পজিটিভিটী হাৰ। স্বাস্থ্য মন্ত্রালয়ৰ মত,  এই মুহূর্তত দেশৰ ১৩২খন জিলাত পজিটিভিটী হাৰ ১০ শতাংশৰ অধিক। এইটো চিন্তাৰ কাৰণ।



বুধবাৰে পুৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ (Ministry of Health and Family Welfare) তৰফৰ পৰা প্ৰদান কৰা

তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰোনা (Coronavirus)ত আক্রান্ত হৈছে ১ লাখ ৯৪ হাজাৰ ৭২০জন। সংখ্যাটো পূৰ্বৰ দিনটোতকৈ প্রায় ১৫.৮ শতাংশ অধিক। ইফালে, দেশত পজিটিভিটীৰ হাৰ এনিশাতে  ১১.০৫ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, এতিয়ালৈকে  দেশত অমাইক্রনত আক্রান্ত হৈছে ৪ হাজাৰ ৮৬৮জন।


ইফালে বিগত ২৪ ঘন্টাত  ভাৰতত  ৪৪২জন কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে। পূৰ্বৰ দিনটোৰ তুলনাত এই সংখ্যাটোও বহু বেছি।

আনহাতে, সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যাও বাঢ়িছে।   বর্তমানে দেশত কৰোনাত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৯ লাখ ৫৫ হাজাৰ ৩১৯জন। পূৰ্বৰ দিনটোত এই সংখ্যা প্রায় ১ লাখ ৩৩ হাজাৰ কম আছিল।




ইফালে, এতিয়ালৈকে দেশজুৰি  প্রায় ১৫৩ কোটি ৮০ লাখৰো অধিক পালি কৰোনা ভেকচিন দিয়া হৈছে টিকা। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত টিকা পাইছে প্রায় ৮৫ লাখ মানুহে।


অসমতো কৰোনাৰ সংক্ৰমণে ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে।  বিগত ২৪ ঘন্টাত অসমত ২৮৩৭জন কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ৮৭০জন কামৰূপ মেট্ৰ’ৰ, ২১৫জন যোৰহাটৰ, ১৮৯জন কাছাৰৰ আৰু ১৭০জন ডিব্ৰুগড়ৰ। আনহাতে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯২৫৩জন ৰোগী। ইফালে, মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৪৪৯জন লোক।

আনহাতে, দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজন লোকৰ মৃত্যু হয়।

3 views0 comments