কৰোনা ভেকচিন : ভাৰতত ১ কোটি ১০ লাখৰ সীমা অতিক্ৰম




উৎসৱৰ সময়ছোৱাত দেশত টিকাকৰণে হেৰুৱাইছিল গতি। এতিয়া পুনৰ গতি লাভ কৰিছে। বিগত ২৪ ঘণ্টাত দেশখনত ৫৭ লক্ষাধিক লোকে লাভ কৰিছে কৰোনা ভেকচিন। ইয়াৰ লগে লগে ভাৰতত ভেকচিনৰ ১১০ কোটিৰ ঘৰ অতিক্ৰম কৰে ভেকচিনৰ পালিয়ে। দেশত জনগণক দিয়া ভেকচিনৰ পালিৰ সংখ্যা হৈছে ১১০ কোটি ২৩ লাখ ৩৪ হাজাৰ ২২৫।



ইফালে, বিগত ২৪ ঘণ্টাত ভাৰতত ১৩ হাজাৰ ৯১জন কৰোনা পজিটিভ পোৱা গৈছে। সময়ছোৱাত মৃত্যু হৈছে ৩৪০জনৰ।

6 views0 comments