ভাৰতত কোভিড মহামাৰী : নতুনকৈ ১০,৪৮৮ জন লোক আক্ৰান্ত




ভাৰতবৰ্ষ আকৌ ক'ৰ'নাত সংক্ৰমণ ৰ দিশে নেকি ?

ভাৰতত নতুনকৈ ক'ৰ'নাত আক্ৰান্ত হৈছে ১০,৪৮৮ জন লোক । এই নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যাক যোগ কৰিলে কৰ'নাৰ ক্ষেত্ৰত ভাৰতৰ মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৩,৪৫,১০,৪১৩ জন । অৱশ্যে সমান্তৰালভাৱে দেশত আশাজনকভাৱে ও কমিছে সক্ৰিয় আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তথ্য সদৰি কৰা হৈছে । তথ্যমতে, এই মহামাৰীত নতুনকৈ মৃত্যু হৈছে ৩১৩ জন লোকৰ । এতিয়ালৈকে এই মহামাৰীত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হৈছে ৪,৬৫,৬৬২ জন । উল্লেখ্য যে যোৱা ৪৪ দিনত প্ৰতিদিনে কৰ'না ভাইৰাছ সংক্ৰমণ বৃদ্ধি ২০০০০-তকৈও কম আৰু যোৱা ১৪৭ দিনত প্ৰতিদিনে নতুন কেচৰ সংখ্যা ৫০০০০ তকৈ কম বুলি পৰিলক্ষিত হৈছে । সম্প্ৰতি সক্ৰিয় ঘটনাৰ হাৰ মুঠ সংক্ৰমণৰ তুলনাত ০.৩৬ শতাংশ ।

4 views0 comments