চাইবাৰ অপৰাধ : শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা ৪০০ শতাংশ বৃদ্ধি




২০১৯ চনৰ তুলনাত ২০২০ চনত ৪০০ শতাংশতকৈও বৃদ্ধি পাইছে দেশৰ শিশুবোৰৰ বিৰুদ্ধে সংঘটিত হোৱা চাইবাৰ অপৰাধসম্বন্ধীয় গোচৰৰ পৰিমাণ । এন চি আৰ বিৰ শেহতীয়া তথ্যমতে ইয়াৰ বেছিভাগেই যৌনভাৱে প্ৰকাশ্য কাৰ্যবোৰত শিশুৰ প্ৰদৰ্শন আৰু প্ৰসাৰণৰ সৈতে জড়িত । তথ্যমতে শিশুৰ বিৰুদ্ধে সংঘটিত হোৱা চাইবাৰ অপৰাধৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হোৱা পাঁচখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ(১৭০), কৰ্ণাটক(১৪৪), মহাৰাষ্ট্ৰ(১৩৭), কেৰেলা(১০৭) আৰু উৰিষ্যা(৭১) । ৮৪২ টা অনলাইন অপৰাধ গোচৰৰ ৭৩৮ টা গোচৰেই অনলাইন যৌন প্ৰদৰ্শনৰ সৈতে জড়িত । উল্লেখযোগ্য যে ২০২০ চনত ৰুজু হোৱা ৮৪২ টা গোচৰৰ বিপৰীতে ২০১৯ চনত ১৬৪ টা, ২০১৮ চনত ১১৭ টা আৰু ২০১৭ চনত ৭৯ টা গোচৰ ৰুজু হৈছিল । ২০১৯ চনৰ পিছত এই অভাৱনীয় বৃদ্ধিয়ে শিশুৰ বাবে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত দিছে । চাইল্ড ৰাইটছ এণ্ড ইউৰ চিইঅ' পূজা মাৰৱাহাই কয় যে শিক্ষাৰ বাবে ইণ্টাৰনেটত প্ৰৱেশ কৰা শিশুসকলে ইণ্টাৰনেটৰ বিভিন্ন বৰবিহ যেনে অনলাইন যৌন শোষণ, অনলাইন উৎপীড়ন, চাইবাৰ ধমকি আদিৰ চিকাৰ হয় । ২০২০ বৰ্ষত কোভিড মহামাৰীৰ ফলত স্কুল-কলেজ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিশুৱে ইণ্টাৰনেটৰ জগতখনত বেছিকৈ বন্দী হৈ পৰিছে । আনহাতে লক্ষণীয় কথা এয়ে যে ভাৰতত শিশুৰ ইণ্টাৰনেট ব্যৱহাৰক পৰীক্ষণ কৰিবলৈ সাৰ্বজনিক ক্ষেত্ৰত কোনো নিৰ্ণায়ক ডাটা উপলব্ধ নাই । অৱশ্যে ইউনিচেফৰ ২০২০-ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ১৬ খন ৰাজ্যত প্ৰায় ৩৭.৬ মিলিয়ন শিশুই অনলাইন শ্ৰেণীকোঠা আৰু ৰেডিঅ' কাৰ্যক্ৰমৰ দৰে শিক্ষা প্ৰণালীবোৰৰ সহায়ত শিক্ষা গ্ৰহণ কৰিছিল ।

6 views0 comments