অপৰাধক সামাজিকভাৱে ৰক্ষনাবেক্ষণ : বৰপেটাৰোডত আৰক্ষীক আক্ৰমণ সংখ্যালঘুৰ





সনাতনী সভ্যতা-সংস্কৃতিৰ ভূমি অসমত মোগল সভ্যতা-সংস্কৃতিৰ বাহকসকলৰ অপৰাধমূলক কাম-কাজ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। আনকি অপৰাধীৰ সমৰ্থনত দলে দলে ওলাই আহি আইনৰক্ষকক আক্ৰমণ কৰাৰ দৰে সামাজিক শৃংখলা ভগা ঘটনাও ৰাজ্যখনত ঘটিবলৈ লৈছে। তেনে এটা সনাতনী সভ্যতা-সংস্কৃতিৰ পৰিপন্থী কাণ্ড সংঘটিত হৈছে বৰপেটা জিলাৰ হাউলীৰ সমীপৱৰ্তী হেলনাৰপামত। গাঁওখনত সোমবাৰে নিশা বৰপেটাৰোড আৰক্ষীৰ ওপৰত জঁপিয়াই একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক ৷ আৰক্ষীৰ দলটোৱে বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনৰ হেলনাৰপাম গাঁৱলৈ অভিযুক্তৰ সন্ধানত গৈছিল।



অপৰাধীক আটক কৰিবলৈ আৰক্ষীক গাঁওখনৰ শ শ লোকে হাতে হাতে দা, লাঠী তথা বিভিন্ন অস্ত্ৰ লৈ আক্ৰমণ কৰে। গাঁওখনক অপৰাধীৰ সুৰক্ষিত তথা মুক্তাঞ্চল ৰূপে গঢ় দি অসমত অপৰাধ সংস্কৃতি (?)ৰ এখন নতুন জগত গঢ়িব খোজা আক্ৰমণ কৰে। ঘটনাটোৱে অনাগত দিনৰ অসমৰ বাবে ভয়ংকৰ ইংগিত কঢ়িয়াই আনিছে। কিয়নো জনসাধাৰণৰ সুৰক্ষা আৰু পৃষ্ঠপোষকতা লাভ কৰিলে অপৰাধ আৰু অপৰাধীক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। তেনে অপৰাধসুলভ মানসিকতাৰ লোকৰ বাবে আন আন ধৰ্মৰ লোকৰ সুৰক্ষালৈ প্ৰত্যাহ্বান আহি পৰে। বিশেষকৈ মহিলা সমাজখনৰ সুৰক্ষাৰ বাবে পৰিস্থিতি ভয়াৱহ হৈ পৰে।



আক্ৰমণকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় ৷ ইপিনে আক্ৰমণত আৰক্ষীৰ ক্ষয়-ক্ষতি সন্দৰ্ভত একো জানিব পৰা হোৱা নাই। এই সম্পৰ্কে আৰক্ষীয়েও সদৰি কৰা নাই কোনো কথা ৷ ইয়াৰ বিপৰীতে অপৰাধীৰ পক্ষ লোৱা চায়েদ আলী নামৰ এজন লোক আহত হয়।

ইতিমধ্যে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াৰ লগতে আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷


আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত হেলনাৰপামৰ কামাল মিৰ আৰু ছানিদুল ইছলামৰ লগতে বজালী জিলাৰ চাউলিয়া বাৰীৰ ৰাজিবুল আলিক গ্ৰেপ্তাৰ কৰে। তদুপৰি, লগতে নিশালৈ অঞ্চলটোত আৰক্ষীয়ে অভিযান চলায় ।

5 views0 comments