ভাৰততে থাকিব দালাই লামা, সংস্কৃতিৰ বিভিন্নতা বুজি নোপোৱা চীনলৈ নাযায়






১৯৫৯ চনত চীনা সৈন্যই কৰা এক আক্ৰমণৰ পিছত নিজৰ শিষ্যসহিতে ভাৰতলৈ পলায়ন কৰা তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই টকিঅ'ত অনুষ্ঠিত এখন অনলাইন সংবাদমেলত কয় যে চীনে সংস্কৃতিৰ বিভিন্নতাক বুজি নাপায় । কিন্তু তাৰ বিপৰীতে ভাৰতক প্ৰশংসা কৰি তেওঁ কয় যে ভাৰত ধৰ্মীয় সামঞ্জস্যৰ কেন্দ্ৰভূমি । ৮৬ বছৰীয়া আধ্যাত্মিক নেতাজনৰ এই মন্তব্য ইংৰাজিভাষী নিউজ চেনেল আল-জাজিৰাত প্ৰদৰ্শিত হয় । চীনা চৰকাৰক কটাক্ষ কৰি তেওঁ কয় যে ঠেক মানসিকতাৰ চীনা সাম্যবাদী নেতাবোৰে তিব্বতৰ একক সংস্কৃতিক গ্ৰহণ কৰা নাছিল । লামাই কোৱামতে চীনৰ সংখ্যাগুৰু ধৰ্মীয় জনগোষ্ঠী "হান" মানুহখিনিয়ে বাকীসকলৰ ওপৰত অত্যাধিক নিয়ন্ত্ৰণ ৰাখিব বিচৰা কথাটোৱে সমস্যাৰ সৃষ্টি কৰে । লামাই কয় যে সাম্যবাদীবোৰ মতাদৰ্শ ভাল কিন্তু কেতিয়াবা তেওঁলোকে নিয়ন্ত্ৰণৰ বাবে সীমা চেৰাই যায় । টাইৱানৰ কথা উল্লেখ কৰি লামাই কয় যে এই দ্বীপটো আগতে প্ৰাচীন চীনা সংস্কৃতিৰ বাহক আছিল যদিও এতিয়া ই অতিমাত্ৰা ৰাজনৈতিকভাৱে বিষাক্ত হৈছে । চীনৰ ৰাষ্ট্ৰপতি শি জিংপিঙক লগ ধৰাৰ কোনো পৰিকল্পনা বৰ্তমান নাই বুলি লামাই উল্লেখ কৰে । তথাপিও নিজৰ পুৰণি বন্ধুসকলক লগ কৰিবলৈ তেওঁৰ এবাৰ তালৈ যোৱাৰ মন আছে বুলি তেওঁ কয় । তেওঁ চীনৰ সলনি ভাৰততে শান্তিৰে থাকিব বিচাৰে বুলি সংবাদমেলখনত লামাই স্পষ্ট কৰে ।

3 views0 comments