বিপদজ্জনক : বাংলাদেশৰ পৰা অবৈধ নাগৰিকক ভাৰতলৈ অনাৰ চলিছে বৃহৎ বেহা





বাংলাদেশৰ পশ্চিমবংগ সীমান্ত অসমসহ ভাৰতবৰ্ষৰ বাবে বিপজ্জনক হৈ পৰিছে। সীমাৰ সিপাৰৰ পৰা ভাৰতলৈ অবৈধ বাংলাদেশী মাতি আনি জেপ গধুৰ কৰিছে পশ্চিমবংগৰ কিছুমান দালালে। তেনে এটা দালালৰ নাম অভিজিৎ বিশ্বাস। দালালটোৱে অবৈধ বাংলাদেশী নাগৰিকক ধনৰ বিনিময়ত ভাৰতলৈ আনে আৰু তেওঁলোকক পৰিয়ালৰ লোকক সাক্ষাতৰ বাবে পুনৰ বাংলাদেশলৈ যোৱা আৰু অহাৰ সুবিধা কৰি দিয়ে। বিনিময়ত বুজন পৰিমাণৰ ধন সৰকাই লয়।


শনিবাৰে বিএছএফৰ দক্ষিণবংগ ফ্ৰণ্টিয়াৰৰ দলে উত্তৰ ২৪ পৰগণা জিলাৰ বাংলাদেশ সীমান্তত তিনিজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে। এই সন্দৰ্ভত বিএছএফৰ তৰফৰ পৰা কোৱা হৈছে যে উত্তৰপাৰা বিঅ'পিৰ সতৰ্ক জোৱানে তিনিওকে আটক কৰে। তিনিও অবৈধ বাংলাদেশী নাগৰিকে পুনৰ বাংলাদেশলৈ উভতি যোৱাৰ পথত আটক হয়। বিএছএফৰ এটা বিবৃতি অনুসৰি, শনিবাৰে উত্তৰপাৰা বিঅ'পিৰ অন্তৰ্গত অঞ্চলত তিনিজন অবৈধ বাংলাদেশী নাগৰিকে বাহৰ পতা বুলি খবৰ পাই ৰেপিড একচন টীম এটা গঠন কৰি অভিযান চলোৱা হয়। অভিযানত আন্তৰ্জাতিক সীমান্তৰ সমীপত

কৰ্ম শ্বেখ (৩২), জুৱেল মোল্লা (৩৬) আৰু হাবিবা বেগম (২৬)ক আটক কৰা হয়। ইয়াৰে প্ৰথম দুজনৰ ঘৰ বাংলাদেশৰ খুলনা জিলাৰ মৌজদিয়া গাঁৱত। হাবিবাৰ ঢাকা জিলাৰ মালিবাগত।


তিনিওকে জেৰা কৰি বিএছএফে লাভ কৰা তথ্য অনুসৰি, তেওঁলোকে শ্ৰমিকৰ কাম কৰিবলৈ দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল। দালাল অভিজিতৰ সহায়ত পৰিয়ালৰ লোকক সাক্ষাতৰ অৰ্থে পুনৰ কেইদিনমানৰ বাবে বাংলাদেশলৈ উভতিছিল। ইয়াৰ বাবে প্ৰতিজনে দালাল অভিজিতক ৭ হাজাৰ টকাকৈ দিছিল। এইদৰে দালালে বাংলাদেশৰ পৰা অবৈধ নাগৰিকক ভাৰতলৈ অনা বৃহৎ ব্যৱসায় এটা পশ্চিমবংগত চলি আছে। তেওঁলোকে আনকি ভাৰতীয় নাগৰিকত্বৰ নথিও উলিয়াই দিয়ে। তেনে লোকৰ মাজত জেহাদী, সন্ত্ৰাসবাদী, মৌলবাদীও থাকিব পাৰে।

7 views0 comments