শীতৰ ঘন কুৱঁলীত বিপজ্জনক ৰাজপথ : পশ্চিমবংগত দুৰ্ঘটনাত ১৮জনৰ প্ৰাণহানি




শীতৰ ঘন কুঁৱলীয়ে ঢাকি ৰখা ৰাজপথ এতিয়া মানৱ জীৱনৰ বাবে হৈ পৰিছে চৰম বিপজ্জনক। ঘন কুঁৱলীৰ বাবেই পশ্চিমবংগত শনিবাৰে নিশা সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮জন লোকৰ প্ৰাণহানি ঘটে। ঘটনাটোত আন ৫জন লোক গুৰুতৰভাৱে আহত হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাটোত গভীৰ দুখ ব্যক্ত কৰিছে।


জানিব পৰা মতে, উত্তৰ ২৪ পৰগণা জিলাৰ বাগদাৰ পৰা এখন মেটাডৰত উঠি শ্মশানযাত্রীৰ দল এটা শনিবাৰে গভীৰ নিশা নৱদ্বীপলৈ গৈ আছিল। যাত্ৰাপথত নদিয়া জিলাৰ হাঁচখালী ব্লকৰ ফুলবাড়ি পথাৰৰ সমীপত পথত ৰৈ থকা এখন শিলভৰ্তি ট্ৰাকত শৱদেহ লৈ গৈ থকা মেটাডৰখনে। মেটাডৰখনত প্রায় ৩৫-৪০জন যাত্ৰী আছিল। ঘটনাত ১৮জনৰ মৃত্যু হয়। নিশা ৰাজপথ ঘন কুৱঁলীয়ে ঢাকি ৰখাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আহত যাত্ৰীয়ে সাংবাদিকক জনায়।

4 views0 comments