ৰাজপথত মৃত্যুৰ কিৰীলি : দিনে এহেজাৰটা পথ দুৰ্ঘটনাত তিনি শতাধিকে হেৰুৱায় প্ৰাণ




গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৱৰ্তী বলবলাৰ গধাবাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫জন সদস্যৰ শোকাৱহভাৱে মৃত্যু হয়। আঠজনীয়া পৰিয়ালটোৰ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়। একেটা দিনত ডবকাত দুজন লোকর বাইক দুর্ঘটনাত মৃত্যু হয়। ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত ঘটনাটোৱে দেশখনৰ ৰাজপথ জনজীৱনৰ বাবে কিমান ভয়ংকৰ হৈ উঠিছে, তাৰেই ছবি এখন দাঙি ধৰিছে।


ভাৰতত বিগত বৰ্ষত অৰ্থাৎ ২০২০ত প্ৰতি এশটা পথ দুৰ্ঘটনাত গড়ে ৩৭ জন লোকে প্ৰাণ হেৰুৱাইছে৷ বৰ্ষটোত সমগ্ৰ দেশত ৩.৫ লাখটা পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত ১ লাখ ৩৩ হাজাৰ ২০১জন লোকৰ প্ৰাণহানি হয়৷ ২০১৬, ২০১৭, ২০১৮ আৰু ২০১৯ৰ তুলনাত ভাৰতত ২০২০ত পথ দুৰ্ঘটনাৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পায় যদিও প্ৰতি এশটা পথ দুৰ্ঘটনাত গড় মৃত্যুৰ হাৰ বৃদ্ধি পায়৷ এই কথাই প্ৰতিপন্ন কৰিছে যে দেশৰ ৰাজপথসমূহ এতিয়া মৃত্যুদূত হৈ পৰিছে৷ বিগত পাঁচটা বছৰৰ তুলনাত বিগত বৰ্ষত প্ৰতি এশটা পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এনচিআৰবিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০১৬ত প্ৰতি এশটা পথ দুৰ্ঘটনাত গড়ে ৩২জন লোকৰ মৃত্যু ঘটিছিল৷ ২০১৭ত এই সংখ্যা ৩৪জনলৈ বৃদ্ধি পায়৷ একেদৰে ২০১৮ত ইয়াৰ সংখ্যা ৩৪জনেই থাকে৷ কিন্তু ২০১৯ত ইয়াৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পায় আৰু ২০২০ত এই সংখ্যা ৩৭জনলৈ বৃদ্ধ পায়৷ বিগত বৰ্ষত কৰোনা মহামাৰী সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউন আৰু আনলকৰ বাবে জনজীৱন ব্যাহত হৈছিল৷ যাৰ ফলত দুৰ্ঘটনাৰ সংখ্যাও হ্ৰাস পাইছিল, কিন্তু গড় মৃত্যুৰ হাৰ বৃদ্ধি পায়৷ ২০১৬ত ৪.৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈছিল৷ এই দুৰ্ঘটনাত এক লাখ ৫১ হাজাৰ ৮০১ লোকৰ প্ৰাণহানি হৈছিল৷ ২০১৭ত পথ দুৰ্ঘটনাৰ সংখ্যা ৪.৫ লাখ আছিল আৰু মৃত্যুৰ সংখ্যা আছিল ১.৫০ লাখ৷ আনহাতে, ২০১৮ত পথ দুৰ্ঘটনাৰ সংখ্যা দেশত ৪.৪ লাখ আছিল আৰু মৃতকৰ সংখ্যা ১.৫২ লাখ আছিল৷ আনহাতে, ২০১৯ত পথ দুৰ্ঘটনাৰ সংখ্যা ২.২ লাখ আছিল আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১.৫৪ লাখ৷ ২০২০ত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায় হয় ৩.৫ লাখ আৰু মৃতকৰ সংখ্যা হয় ১.৩৩ লাখ৷

5 views0 comments