ঋণ পৰিশোধ নকৰাত মৃত্যুৰ পিছতো ৰেহাই নিদিলে ঋণদাতাই : তাৰ পিছত দুৰ্বাদল কাজিয়া




ধাৰলৈ লোৱা ধন পৰিশোধ নকৰা বাবে মৃত্যুৰ পিছতো ব্যক্তি এজনক ৰেহাই নিদিলে ঋণদাতাই। ধন ওভতাই নিদিলে মৃতদেহৰ জানাজা সম্পাদন কৰিবলৈ দিয়া নহ'ব বুলি ফেপেৰি পাতি ধৰাত আপোনজনক হেৰুওৱাৰ দুখ-বেদনা একাষৰীয়া কৰি ঋণৰ ধন বিচাৰি অহা ফৈদৰ সৈতে দুৰ্বাদল কাজিয়াত লিপ্ত হয় শোকসন্তপ্ত পৰিয়াল। ইয়াকে লৈ শোকত দহি থকা পৰিয়ালটোৰ চোতালখন কুৰুক্ষেত্ৰত পৰিণত হয়। দুয়োপক্ষৰ মাৰপিটত কেইবাজনো লোক আহত হয়। ঘটনাটো কামৰূপ জিলাৰ

নগৰবেৰাৰ নায়টৰ-কল্যাণপুৰৰ।





গাঁৱখনৰ কাছেম আলী নামৰ লোকজনৰ সোমবাৰে মৃত্যু ঘটে। আলীয়ে জীৱিতকালত নিজৰে সম্পৰ্কীয় ভাতৃৰ পৰা পঞ্চাশ হাজাৰ টকা ধাৰলৈ লৈছিল। ধাৰ পৰিশোধ কৰাৰ পূৰ্বেই কাছেমৰ মৃত্যু ঘটে। বাতৰি পাই ঋণদাতা পক্ষ আহি কাছেমৰ ধৰত উপস্থিত হয়। তেওঁলোকৰ দাবী, ঋণ পৰিশোধ কৰিব লাগিব। নকৰালৈকে মৃতকৰ জানাজা সম্পন্ন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দি ফেপেৰি পাতে। আপোনজনক হেৰুৱাই বেদনাহত পৰিয়ালটোৰ বাবে এয়া আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত। শোকসন্তপ্ত পৰিয়ালটোৱে মৃতকৰ জানাজা সম্পন্ন কৰিবলৈ অনুৰোধ জনায়। কিন্তু প্ৰতিপক্ষ নাচোৰবান্দা। ঋণ পৰিশোধ কৰিব লাগিব। ইয়াকে লৈ লাহে লাহে পৰিস্থিতি উত্তপ্ত হৈ পৰে। দুখ-বেদনা পাহৰি যুদ্ধ ঘোষণা কৰে। মুহূৰ্ততে কুৰুক্ষেত্ৰত পৰিণত হয় মৃতকৰ ঘৰ। দুয়োপক্ষৰ মাৰপিটত উভয়পক্ষৰ কেইবাজনো লোক আহত হয়। আহতসকলক নগৰবেৰাৰ হাস্পতাললৈ নিয়া হয়।



ঘটনা সন্দৰ্ভত উভয়পক্ষই নগৰবেৰা থানাত সুকীয়া সুকীয়াকৈ এজাহাৰ দাখিল কৰে। ঋণৰ ধন নোপোৱা হেতু মৃত্যুৰ পিছতো ৰেহাই নিদিয়া ঘটনাটোক সকলোৱে ধিক্কাৰ দিয়ে।

26 views0 comments