হ্ৰাস পাইছে নক্সাল হিংসাৰ ঘটনা : হ্ৰাস পাইছে মৃত্যুৰ সংখ্যাও





দেশত হ্ৰাস পাইছে নক্সাল হিংসাৰ ঘটনা। ২০০৯ চনৰ সৰ্বাধিক ২,২৫৮ টা নক্সাল হিংসাৰ ঘটনাৰ পৰা হ্ৰাস পাইছে ৭০ শতাংশ পৰ্যন্ত। এই কথা ৰাজ্যসভাত জানিবলৈ দিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে।ৰাজ্যসভাৰ এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে " LWE (বাওঁপন্থী উগ্ৰপন্থী) য়ে নিৰাপত্তাৰক্ষী বাহিনীক লক্ষ্য কৰি প্ৰায়ে আক্ৰমণত লিপ্ত হয় । লগতে অসামৰিক জনসংখ্যা আৰু ৰাজহুৱা সম্পত্তিক লক্ষ্য কৰি লয় LWE য়ে। অৱশ্যে, LWE ৰ হিংসাৰ ঘটনা ২০০৯ চনৰ সৰ্বকালৰ সৰ্বাধিক ২২৫৮ টা ঘটনাৰ পৰা ২০২০ চনত ৬৬৫ লৈ ৭০ শতাংশ হ্ৰাস পাইছে। " উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বিজয় পাল সিং তোমাৰে ভাৰতত নক্সাল হিংসাৰ বিষয়ে সুধিছিল এই প্ৰশ্ন। লগতে নক্সাল হিংসাৰ এই হ্ৰাসৰ ফলত মৃত্যু হ্ৰাস পাইছে নেকি বুলি অন্য এটা প্ৰশ্ন সোধা হৈছিল মন্ত্ৰীগৰাকীক।উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক লোক আৰু নিৰাপত্তা বাহিনীৰ মৃত্যু ২০১০ চনৰ সৰ্বকালৰ সৰ্বাধিক ১০০৫ ৰ পৰা ২০২০ চনত ১৮৩ লৈ হ্ৰাস পাইছে।

7 views0 comments