আজিৰ পৰা আকৌ একসপ্তাহ লৈ বন্ধ হৈ থাকিব দিল্লীবাসী , পিছে কিয়!




আকৌ দিল্লীত একসপ্তাহৰ কাৰনে বন্ধ , চৰকাৰী কাৰ্যালয় তথা স্কুল কলেজ । নহয় কোনো উৎসৱ , নহয় কোনো বিশেষ সাপ্তাহিক দিৱস ! স্কুল আৰু চৰকাৰী কাৰ্যালয় সমূহ ইণ্টাৰনেটৰ যোগেদি ঘৰৰ পৰাই পৰিচালনা কৰা হ’ব। সপ্তাহযোৰা এই বন্ধ ত বন্ধ থাকিব সকলো নির্মাণ কাৰ্য ও। পিছে এই বন্ধ কোৰোনা ৰ আতংক ৰ কাৰনে নহয়, নহয় কোনো বিশেষ উৎসৱৰ কাৰনে ও ! দুখৰ বিষয় যে আমি কৰা ভুলৰ পৰিনতিৰ কাৰনে হে এই বন্ধ অৰ্থাৎ এই বন্ধ দিল্লীত ক্ৰমাৎ বৃদ্ধি হোৱা বায়ু প্ৰদূষণৰ কাৰনে হে ! প্ৰতিবছৰে দিল্লীত দীপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ পিছত ভয়ংকৰ ভাৱে বৃদ্ধি হয় বায়ু প্ৰদূষণ ৰ হাৰ ।ইতিমধ্যে , মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমত চৰকাৰী সিদ্ধান্ত সমূহৰ কথা ঘোষণা কৰাৰ উপৰিও ব্যক্তিগত খণ্ডৰ কাৰ্যালয় সমূহকো ঘৰৰ পৰা কাম কৰাৰ পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। পিছে কথা হ'ল , এই বন্ধ ই জানো সম্পূৰ্ণ সকাহ দিব পাৰিব ! অকল দিল্লীয়েই নহয় , আমাৰ ক্ষন্তেকীয়া সুখৰ কাৰনে আমি আমাৰ পৃথিৱীখনক নৰকলৈ ৰূপান্তৰ কৰা নাই নে ? সময় থাকোতেই আমি সজাগ নহলে এদিন দিল্লীৰ দৰে আমাৰ ও একে দশা হব ।সময় সমাগত

4 views0 comments