দিল্লী দাঙ্গা: আৰক্ষীৰ ফালে বন্দুক দেখুওৱা পাঠানৰ বিৰুদ্ধে হত্যা কৰিবলৈ চেষ্টাৰ কৰাৰ অভিযোগ আদালতৰ




সৌ সিদিনা হৈ যোৱা উত্তৰ পূৱ দিল্লীৰ দাঙ্গা ৰ সেই দৃশ্য আমি কোনেও পাহৰিব পৰা নাই , য'ত এজন হিংসুক ব্যক্তি য়ে আৰক্ষী ক উদ্দেশ্যে গুলী চালনা কৰিছিল । দিল্লীৰ দৰে ঠাইত হোৱা সেই ঘটনা ই সকলোৰে ভাবিবলৈ বাধ্য কৰাইছিল যে দৰাচলতে এই ঘটনাবোৰ কেনেকৈ হবলৈ পায় আৰু এই ঘটনাৰ দোষীয়ে শাস্তি নাপায় কিয় । এখন দেশত যদি আৰক্ষী নিৰাপত্তা হীনতাত ভোগে তেন্তে সাধাৰণ জনতাৰ কি দশা হব !


কেইদিনমান পূৰ্ৱে দিল্লীৰ এখন আদালতে উত্তৰ-পূব দিল্লীৰ দাঙ্গাৰ সময়ত এজন আৰক্ষী বিষয়াৰ ফালে বন্দুক দেখুওৱা ব্যক্তি শ্বাহৰুখ পাঠানৰ বিৰুদ্ধে দাঙ্গা আৰু হত্যাৰ চেষ্টা সম্পৰ্কীয় অভিযোগ উত্থাপন কৰিছে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱাটে পাঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে হেড কনিষ্টবল দীপক দাহিয়াই অভিযুক্তৰ এনে আক্ৰমণৰ সন্মুখীন হৈও দৃঢ়তাৰে নিজৰ স্থিতিত থিয় দিছিল। কৰ্তব্য আৰু কামৰ প্ৰতি তেওঁ যথেষ্ট নিষ্ঠা দেখুৱাইছিল। পাঠানৰ হৈ ওকালতি কৰা উকিলজনে ডিচচাৰ্জৰ বাবে যুক্তি দিছিল। পাঠানৰ উকিল জনে দাখিল কৰিছিল যে সুযোগ পোৱা স্বত্বেও তেওঁ আৰক্ষীজনক হত্যা কৰা নাছিল, আৰু তাৰ পৰিৱৰ্তে শূণ্যলৈ হে গুলী চালনা কৰিছিল।


এই সন্দৰ্ভত আদালতে কৈছিল যে " পাঠানে দাঙ্গাকাৰীৰ এটা গোটক নেতৃত্ব দিছিল যিসকলে পৰিকল্পিতভাৱে আৰক্ষী ৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। ন্যায়াধীশে পাঠানক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৪৭ (দাঙ্গাৰ বাবে শাস্তি), ১৪৮ (মাৰাত্মক অস্ত্ৰৰে সজ্জিত দাঙ্গা), ১৮৬ (কৰ্তব্য পালনত ৰাজহুৱা কৰ্মচাৰীক বাধা দিয়া), আৰু ১৮৮ (ৰাজহুৱা কৰ্মচাৰীৰ দ্বাৰা যথাযথভাৱে জাৰী কৰা আদেশ অমান্য) অধীনত অভিযুক্ত কৰে। পাঠানৰ উপৰিও ন্যায়াধীশে আৰু চাৰিজন অভিযুক্ত - কলিম আহমেদ, ইষ্টিয়াক মালিক, ছামীম আৰু আব্দুল শ্বেহজাদৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰিছিল।


আদালতে উল্লেখ কৰিছিল যে "আৰক্ষীজনক হত্যা কৰাৰ অভিপ্ৰায় ৰ কথা ইতিমধ্যে পাঠানৰ মন্তব্য ৰ পৰা স্পষ্টভাৱে প্ৰকাশ হৈছে।আনকি ভিডিঅ' ফুটেজত ও প্ৰমান হৈছিল যে কেনেকৈ পাঠানে হেড কনিষ্টবল দীপক দাহিয়ালৈ লক্ষ্য কৰি কৰা হৈছে। ন্যায়ালয়ে লগতে উল্লেখ কৰে যে এই গোটবোৰে বে-আইনী কাৰ্য্য কৰা সাধাৰণ ঘটনা । কিন্তু ১৯৮৪ চনৰ শিখ বিৰোধী দাঙ্গাৰ পিছৰ পৰা এনে ধৰণৰ দাঙ্গা দেখা পোৱা নাই।

12 views0 comments