অৰুণাচলত অস্ত্ৰসহ আলফা(স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক




অসম-অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ জয়ৰামপুৰস্থিত ১৯নং আছাম ৰাইফলছৰ এটা দলে অভিযান চলাই গিৰীন্দ্ৰ চেতিয়া(৩৮) ওৰফে পৱিত্ৰ অসম নামৰ আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ সদস্য এজনক আটক কৰে। চেতিয়াৰ ঘৰ তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত জেঙনী গাঁৱত। তেওঁৰ পৰা এটা ৯ এম এমৰ পিষ্টল, ৩জাঁই সক্ৰিয় গুলী জব্দ হয়।


আছাম ৰাইফলছে ধৃত চেতিয়াক কালি তিনিচুকীয়াৰ জাগুন আৰক্ষী গতাই দিয়ে। । আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে আলফা সদস্যজনক জেৰা অব্যাহত ৰাখিছে।

3 views0 comments