বিদ্যাৰ মন্দিৰত দুৰ্বৃত্তৰ আঘাত, কামৰূপত জ্বলাই দিলে ডেক্স-বেঞ্চ, চকী-মেজ





বিদ্যাৰ শিক্ষাৰ মন্দিৰ বিদ্যালয়তো পৰিল দুৰ্বৃত্তৰ আঘাত। কামৰূপ জিলাৰ নগৰবেৰাৰ সমীপৱৰ্তী নিছিলামাৰী মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰে গভীৰ নিশা সংঘটিত হৈছে ঘটনাটো। দুৰ্বৃত্তই জ্বলাই দিয়ে বিদ্যালয়খনৰ ডেক্স-বেঞ্চ, আচবাব৷



শুকুৰবাৰে নিশা প্ৰায় ২ বজাত দুৰ্বৃত্তই বিদ্যালয় গৃহৰ পৰা সামগ্ৰীখিনি বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে৷ বিদ্যালয় কৰ্তৃপক্ষৰ মতে, বিদ্যালয়খনৰ প্ৰায় ১৫জোৰা ডেক্স-বেঞ্চৰ লগতে শিক্ষকে ব্যৱহাৰ কৰা চকী-মেজ জ্বলাই দিয়া হয়।

প্ৰায় লগে লগে ঘটনাৰ উমান পাই স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগে৷ পুৱা ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত বিদ্যালয় পৰিচালনা সমিতিয়ে এখন এজাহাৰ দাখিল কৰে।

7 views0 comments