ডিজিটেল মুদ্ৰা : চৰকাৰৰ দ্বাৰা প্ৰগতিশীল খোজৰ পৰিকল্পনা




ক্ৰিপ্ট'কাৰেন্সি সম্বন্ধীয় সমস্যাবোৰৰ ক্ষেত্ৰত প্ৰগতিশীল আৰু দূৰদৰ্শী উপায়ৰ বাবে ভাৰত চৰকাৰে পৰিকল্পনা তৈয়াৰ কৰি আছে । ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ডিজিটেল মুদ্ৰাৰ ওপৰত বহা এখন সমীক্ষা বৈঠকত নিৰ্ণয় লোৱা হৈছে যে বিৱৰ্তিত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞ আৰু হিতাধিকাৰীসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব । ভাৰতত ভাৰ্চুৱেল মুদ্ৰাৰ লেনদেনৰ ক্ষেত্ৰত কঠোৰ নিয়ম বান্ধি দিয়াৰ বাবে ইতিমধ্যে কেইবাটাও দাবী উত্থাপিত হৈছে কাৰণ এক অনিয়মিত পৰিবেশে অধিক ঘৰুৱা চেভিংছক সম্পত্তিশালী শ্ৰেণীৰ ফালে ঠেলি দিব আৰু ইয়ে ঘৰুৱা চেভিংছক বিপদত পেলাব পাৰে । জানিব পৰামতে অতি-আশাজনক আৰু অস্বচ্ছ বিজ্ঞাপনবোৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো উচিত বুলিও সমীক্ষা বৈঠকত সিদ্ধান্ত লোৱা হয় । তাৰোপৰি বৈঠকত গোলকীয় উদাহৰণবোৰ আৰু সৰ্বোৎকৃষ্ট অনুশীলনবোৰৰ ওপৰতো বিচাৰ-বিবেচনা কৰা হয় । উল্লেখনীয় যে যোৱা কেইটামান বছৰত ভাৰতত ডিজিটেল মুদ্ৰাৰ ইতিহাস একেবাৰে শোচনীয় । ২০১৮ চনত মোডীয়ে ঘপহকৈ প্ৰয়োগ কৰা বিমুদ্ৰাকৰণে ৮০% মুদ্ৰাক অচল কৰাৰ পিছত ক্ৰিপ্ট' লেনদেনৰ ওপৰত ভাৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল । অৱশ্যে পিছত উচ্চতম ন্যায়ালয়ে ২০২০ চনত এই নিষেধাজ্ঞা উঠাই লয় । ইফালে সদায় ডিজিটেল মুদ্ৰাৰ সমালোচক হিচাপে থিয় দিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজেও এতিয়া ডিজিটেল মুদ্ৰাৰ ওপৰত কাম কৰি আছে । আজি অৰ্থাৎ ১৫ নৱেম্বৰ তাৰিখে ভাৰতৰ পাৰ্লিয়ামেন্টেৰী পেনেল অন ফাইনেন্সে ক্ৰিপ্ট'বিত্তৰ প্ৰত্যাহ্বান আৰু সুযোগসমূহ আলোচনা কৰাৰ বাবে উদ্যোগ বিশেষজ্ঞ আৰু সংগঠনবোৰক লগ ধৰিব ।

4 views0 comments