ভাৰতত বৃদ্ধি হৈছে ডিজিটেলি টকাৰ লেনদেন




বিগত কেইবাটাও বছৰত বৃদ্ধি হৈছে ডিজিটেল পৰিশোধৰ লেনদেন। এই লেনদেন বৃদ্ধি পাইছে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ১,০০৪ কোটিৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষত ৫,৫৫৪ কোটিলৈ । লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে চলিত বিত্তীয় বৰ্ষত নৱেম্বৰৰ মাজভাগলৈকে ডিজিটেল লেনদেনৰ সংখ্যা আছিল ৪,৬৮৩ কোটি। ডিজিটেল পৰিশোধ লেনদেন যোৱা কেইবছৰমানৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। যোৱা ৪ বছৰত ডিজিটেল পৰিশোধ লেনদেন ১০০৪ কোটিৰ পৰা ৫,৫৫৪ কোটিলৈ বৃদ্ধি পাইছে ।মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ডিজিটেল লেনদেনৰ সংখ্যা ২০১৯ বিত্তীয় বৰ্ষত আছিল ৩,১৩৪ কোটি, ২০২০ বিত্তীয় বৰ্ষত আছিল ৪,৫৭২ কোটি আৰু ২০২১ বিত্তীয় বৰ্ষত হয় ৫,৫৫৪ কোটি । মন্ত্ৰী চন্দ্ৰশেখৰে জানিবলৈ দিয়া অনুসৰি ভাৰতৰ এক শক্তিশালী নিয়ামক ব্যৱস্থা আৰু শক্তিশালী বৃহৎ মূল্য আৰু খুচুৰা পৰিশোধ প্ৰণালী আছে যিয়ে এই পৰিশোধ প্ৰণালীবোৰত লেনদেনৰ বৃদ্ধিত অৰিহণা যোগাইছে ।

3 views0 comments