দিছপুৰ উদং : মুম্বাইত প্ৰশিক্ষণত ব্যস্ত অসমৰ বিজেপি মন্ত্ৰী-বিধায়ক



শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা তিনি দিনলৈ দিছপুৰ অথবা অসমৰ কোনো স্থানতে পোৱা নাযাব বিজেপিৰ মন্ত্ৰী-বিধায়ক। তেওঁলোক উপস্থিত আছে মুম্বাইৰ ৰামভাও মহলি প্রবোধিনীত। তাত চলি আছে বিজেপি বিধায়কৰ এটা বিশেষ প্ৰশিক্ষণ চলি আছে। প্ৰশিক্ষণত সুশাসন তথা বিধায়কৰ দায়িত্ব–কর্তব্য কি হ’ব, সেই প্রশিক্ষণ দিয়া হৈছে। প্ৰশিক্ষণ শিবিৰটো দেশৰ প্ৰতিগৰাকী বিজেপিৰ বিধায়কৰ বাবে আয়োজন কৰা হৈছে৷ কিদৰে বিধায়ক পুঁজি ব্যৱহাৰ কৰিব, সাধাৰণ ৰাইজৰ ওচৰ চপাৰ বাবে কি ধৰণৰ পদক্ষেপ ল’ব আৰু দলৰ আদর্শ–নীতিক কিদৰে অনুকৰণ কৰিব, সেই সম্পর্কে বিজেপিৰ প্রতিগৰাকী বিধায়কক ১৪ নৱেম্বৰলৈ প্ৰশিক্ষণ দিয়া হ'ব। ইতিমধ্যে দেশৰ প্ৰায় ১,৪০০গৰাকী বিজেপি বিধায়ক তাত উপস্থিত হৈছে।


প্ৰশিক্ষণৰ আজি প্ৰথম দিনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিধায়কসকলক বিজেপিৰ নীতি-আদৰ্শ সন্দৰ্ভত মূল্যৱান ভাষণ দিয়ে। অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, দলৰ সাংগঠনিক সম্পাদক বি এল সন্তোষৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাই সমল ব্যক্তি হিচাপে ভাগ ল'ব। প্রশিক্ষণ শিবিৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও৷

5 views0 comments