হুপিবলৈ বিড়ি নিদিলে, কলগাছিয়াত পিতৃক ঘপিয়াই হত্যা ছামচুলৰ




হুপিবলৈ এডাল বিড়ি নিদিয়া বাবে পিতৃক ডেগাৰেৰে ঘপিয়াই হত্যা কৰিলে পাষাণ পুত্ৰই। ঘটনাটো বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিপুৰ গাঁৱৰ। গাঁওখনৰ ছামচুল হক নামৰ কুলাংগাৰ পুত্ৰজনে নিজ পিতৃক ঘপিয়াই হত্যা কৰে। ডেগাৰৰ ঘাপত পিতৃ নাল মিঞা (৫০) গুৰুতৰভাৱে আহত হয়। তেওঁক ততাতৈয়াকৈ বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হয়।

জানিব পৰা মতে, ছামচুলে আজি পুৱা পিতৃৰ পৰা হুপিবলৈ বিড়ি বিচাৰিছিল। কিন্তু পিতৃয়ে দিবলৈ অস্বীকাৰ কৰে। সিমানেই দোষ আছিল নাল মিঞাৰ। ইয়াকে লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। এসনয়ত ই চূড়ান্ত পৰ্যায়লৈ যায়। হিতাহিত জ্ঞান হেৰুৱাই ছামচুলে এখন আনি পিতৃৰ ওপৰত জঁপিয়াই পৰে। ছামচুলৰ আঘাতত ক্ষত-বিক্ষত নাল মিঞা গুৰুতৰভাৱে আহত হয়। পিছত হাস্পতাললৈ নিয়া পথত মৃত্যু হয়।

পিছত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী থানা আৰু বালিকুৰি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ছামচুল হকক গেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ যোৱা নাল মিঞাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, হত্যাকাৰী ছামচুল হক কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্ত।

6 views0 comments