হোজাইত ডাবল এনকাউণ্টাৰ : ভূ-মাফিয়া নজৰুল, বাইকচোৰ জাকিৰ গুলীবিদ্ধ






আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাই শুকুৰবাৰে নিশা হোজাই আৰক্ষীৰ গুলীত দুজন অপৰাধী আহত। ইয়াৰে এজন লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বিভিন্ন লোকক বেদখল কৰিবলৈ সুবিধা কৰি দিয়া মাটিৰ দালাল নজৰুল ইছলাম। আনজন বাইকচোৰ।


উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰৰ পুৱা হোজাই আৰক্ষীয়ে নজৰুলক নিজ বাসগৃহৰ পৰা আটক কৰিছিল। তেওঁ বিগত ৩ দিন আছিল লামডিং আৰক্ষীৰ জিম্মাত। শুকুৰবাৰে লামডিং আৰক্ষীয়ে নজৰুলক লামডিং বনাঞ্চলৰ আন আন ভূ-মাফিয়াৰ ঠিকনা দেখুৱাবলৈ লৈ যায়। ইয়াৰ মাজতে নজৰুলে লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুঁটি অঞ্চলত আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ এজাঁই গুলীচালনা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে নজৰুলক লক্ষ্য কৰি গুলীচালনা কৰে নজৰুলৰ ভৰিত লাগে আৰক্ষীৰ গুলী।


আনহাতে ডবকাৰ দুধৰ্ষ বাইক চোৰ জাকিৰ হুছেইনো হোজাই আৰক্ষীৰ গুলীত আহত হয়। দীৰ্ঘদিন ধৰি ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা জাকিৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ণৰ চেষ্টা কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে জাকিৰলৈ লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হয়। আহতদ্বয়ক নগাওঁ ভোগেশ্বৰী ফুননী অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

10 views0 comments