গুৱাহাটীত বাইক চলায় নেকি? হওক সাৱধান, নহ'লে ভৰিব জৰিমনা





গুৱাহাটীত মটৰচাইকল চলোৱাসকলৰ বাবে মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এটা কঠোৰ নিয়ম। নিয়মটো উলংঘা কৰিলে ভৰিব লাগিব এহেজাৰ টকা জৰিমনা। সন্মুখীন হ'ব লাগিব গোচৰৰ।



প্ৰশাসনে নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি, বাইকত উঠা দুয়োজন ব্যক্তিয়ে হেলমেট পিন্ধিব লাগিব। অকল চালকজনে পিন্ধিলে নহ'ব। নিপিন্ধিলে এহেজাৰ টকা জৰিমনা ভৰিব লাগিব। আনহাতে, নিয়ম উলংঘা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ৰুজু কৰা হ’ব গোচৰ। কামৰূপ মহানগৰ জিলাত দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাৰ ক্ষতি হ্ৰাস কৰিবৰ বাবেই এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।

6 views0 comments