ডঃ বাণীকান্ত কাকতিদেৱক তেখেতৰ পুণ্যতিথিত স্মৰণ কৰি .....




নিজৰ ভাষাটোৰ, নিজৰ জাতিটোৰ, নিজৰ সংস্কৃতিৰ, নিজৰ আচাৰ নীতিৰ প্ৰতি তেওঁ সদায় সজাগ আছিল। প্ৰাণভৰি ভাল পোৱা অসমীয়া জাতিটোৰ উৎপত্তিৰ কথা, জাতিটোৰ ভাষাৰ কথা তন্ন তন্নকৈ জানিবলৈ প্ৰয়াস কৰা সেইজনেই আছিল ড: বাণীকান্ত কাকতি দেৱ । এই অসমীয়া ভাষাটো কেনেকৈ উৎপত্তি হ’ল, কেনেকৈ বিকাশ হৈ আহি সম্পূৰ্ণ ৰূপ ল’লে তাক জানিবলৈ তাৰ বাবে নিজক সম্পূৰ্ণ আত্মনিয়োগ কৰিছিল। অসমীয়া সাহিত্য বিশেষকৈ অসমীয়া পুৰণি সাহিত্যৰ বিষয়ে কাকতি দেৱে গৱেষণা কৰি সেইয়া পাঠক সমাজৰ হাতত তুলি দি জ্ঞান বিলাবলৈ অহৰহ তেওঁ কষ্ট কৰিছিল। এই উদ্দেশ্যই তেওঁক এজন মহান আদৰ্শবান, মহাপণ্ডিত আৰু কষ্ট সহিষ্ণু লোক হিচাবে গঢ়ি উঠাত সহায় কৰিছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিবেশনত উপস্থিত থকা মহাত্মা গান্ধীক অসমৰ বিষয়ে অৱগত কৰিবলৈ বাণীকান্ত কাকতিক পঠিওৱা হৈছিল। বাণীকান্ত কাকতিৰ পৰা অসমৰ বিষয়ে সবিশেষ জানি মহাত্মা গান্ধী অভিভূত হয়। আহমদাবাদলৈ উভতি গৈয়ে গান্ধিজীয়ে ‘হিন্দ স্বৰাজত’ অসম আৰু অসমীয়াৰ বিশেষত্বৰ প্ৰৱন্ধ লিখি প্ৰকাশ কৰে। এই প্ৰৱন্ধতে অসমীয়া শিপিনীসকলৰ আৰু তাঁতশালৰ পাৰ্গতালিৰ কথা প্ৰশংসা কৰে।১৯৫২ চনৰ নৱেম্বৰ মাহৰ আজিৰ দিনটোত অৰ্থাৎ ১৫ তাৰিখে এই নমস্য ব্যক্তি, অসমীয়া হিত সাধক ড° বাণীকান্ত কাকতিদেৱ পৃথিৱীৰ পৰা চিৰ বিদায়লৈ গুচি যায়। কিন্তু তেওঁৰ কীৰ্তি অমৰ হৈ ৰৈ যায়।সৎ জ্ঞানৰ প্ৰতি প্ৰৱল ইচ্ছা, অসহায় জনৰ প্ৰতি সহানুভূতি, ঈশ্বৰৰ প্ৰতি বিশ্বাস- এইয়াই আছিল ড° বাণীকান্ত কাকতি দেৱৰ জীৱনৰ ব্ৰত। আৰু এইয়াই তেওঁক এজন মনিষী কৰি পৃথিৱীত জীয়াই ৰাখিলে, যি জীৱনে আন লোকসকলৰ বাবে পোহৰৰ বাট দেখুৱাব পাৰে তেওঁ পৃথিৱীত অম্লান জ্যোতি হৈ চিৰকাল উজ্বলি থাকে।উল্লেখযোগ্য যে কলিকতা বিশ্ববিদ্যালয়ে বাণীকান্ত কাকতিক তেওঁৰ গৱেষণামূলক গ্ৰন্থ "অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ"ৰ বাবে তেওঁক পি.এইচ.ডি.ডিগ্ৰী প্ৰদান কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক "ডিন অৱ দি ফেকাল্টি অৱ আৰ্টছ এণ্ড কমাৰ্ছ" বা "কলাগুৰু" উপাধিৰে বিভূষিত কৰে।যি সময়ত অসমত বংগীয় সাহিত্যৰ প্রভাৱ আৰু ভুল পৰিচালনাৰ ফলত অসমীয়া জাতীয় জীৱনত ডাঙৰ জোকাৰণিৰ সৃষ্টি হৈ অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট আহি উপস্থিত হৈছিল, সেই সময়তে অসমীয়া পৌৰাণিক সাহিত্যক- সমালোচকৰ কঠোৰ দৃষ্টিৰে গমি চাই ড০ বাণীকান্ত কাকতিয়ে সেই সময়ৰ অসমীয়া পৌৰাণিক সাহিত্যক এক নতুন ধৰণৰ চিন্তাৰে আলোকিত কৰিছিল৷

6 views0 comments