বৃহস্পতিবাৰে মাজুলীত মিচিঙৰ চাংঘৰৰ বাঁহৰ বিছনাতে শুব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা




বৃহস্পতিবাৰ অৰ্থাৎ কাইলৈৰ নিশাটো এটা জনজাতীয় চাংঘৰত কটাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিচিং জনগোষ্ঠীৰ স্বাভিমান তথা পৰিচয়স্বৰূপ চাংঘৰত এনিশাৰ বাবে আলহী হ'ব মুখ্যমন্ত্ৰী ড০ শৰ্মা। সেইবাবে জনতাৰ কাষত থাকি ভালপোৱা মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ মাজুলীত চলিছে ব্যাপক প্ৰস্তুতি। নদীদ্বীপৰ বালি জকাইবোৱাৰ এটা চাংঘৰত তেওঁ নিশাটো কটাব।



উল্লেখ্য যে কাইলৈৰ পৰা মাজুলীবাসীৰ হেঁপাহৰ উৎসৱ ৰাস মহোৎসৱ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই শুভাৰম্ভৰ দিনটোতে মাজুলীলৈ গৈ ৰাস মহোৎসৱ উপভোগ কৰিব। তাৰ পিছত গুৱাহাটীলৈ উভতি নাহি মিচিং জনগোষ্ঠীৰ পৰিচয়স্বৰূপ চাংঘৰত কটোৱাৰ অভিজ্ঞতা ল'ব। লগতে জনগোষ্ঠীটোৰ সুখ-দুখৰ বতৰা লোৱাৰ চেষ্টা চলাব।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই মাজুলীৰ নৈপৰীয়া মিচিং জনগোষ্ঠীৰ পৰিয়াল এটাৰ সাধাৰণ চাংঘৰত নিশাটো কটাব। জানিব পৰা মতে, তেওঁ বালি জকাইবোৱাৰ প্ৰণৱ পায়েং নামৰ লোকজনৰ আলহী হ'ব। চাংঘৰটোৰ বাঁহৰ বিছনাত শুব। থলুৱা পৰম্পৰাগত খাদ্যৰ জুতিও ল’ব। ইয়াকে লৈ ইতিমধ্যে গাঁওখনত উছাহৰ লহৰ বৈছে।

5 views0 comments