আজি হঠাৎ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰে বৈঠক ড০ হিমন্ত বিশ্ব শৰ্মাৰ




যোৰহাট আৱৰ্ত ভৱনত আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লক্ষণীয়ভাৱে বৈঠকখন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ চৰকাৰী কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা নাই। ইয়াৰ বিপৰীতে যোৰহাটত দিনটোত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আন কেতবোৰ কাৰ্যসূচীহে উল্লেখ আছে।




ইফালে, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ড০ শৰ্মাই কি বিষয়ত আলোচনাত মিলিত হ'ব, বিষয়টো স্পষ্ট নহয়। তথাপি ধাৰণা কৰা মতে, দুয়োৰে বৈঠকত দীৰ্ঘদিনীয়া অসম-নাগালেণ্ড সীমা সমস্যাৰ কথা সন্নিৱিষ্ট হ'ব। মেঘালয়ৰ সৈতে সীমা বিবাদ সমাধানৰ দিশে আগবঢ়া অসমে নাগালেণ্ডৰ ক্ষেত্ৰতো অনুৰূপ কৌশল হাতত ল'ব পাৰে। অলপতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাকালত সীমা বিবাদ মীমাংসাৰ বিষয়টো উত্থাপন হৈছিল।


তদুপৰি নগা বিদ্ৰোহীৰে আলোচনাৰ বিষয়টোও আলোচনা হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নগা বিদ্ৰোহী আৰু চৰকাৰৰ আলোচনাৰ এটা অংশ হৈ পৰিছে। কিন্তু এনএছচিএনে সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰ দাবী প্ৰত্যাহাৰ নকৰাত আলোচনা প্ৰক্ৰিয়াই বিশেষ অগ্ৰগতি লাভ কৰা নাই। তদুপৰি আলফা(স্বাধীন) আৰু চৰকাৰৰ মাজত সম্ভাব্য আলোচনাক লৈওঁ দুয়ো আলোচনা কৰিব পাৰে।

5 views0 comments