নিযুক্তি আয়োগৰ জৰিয়তে ১ লাখ নিবনুৱাক চাকৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ




নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ১ লাখ নিবনুৱাক দিব লগা চাকৰিৰ বাবে সুকীয়া নিযুক্তি আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নিযুক্তি আয়োগে মকৰল প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱাটো নিশ্চিত কৰিব। লগতে নিৰ্ধাৰিত সময়ত নিযুক্তি সম্পূৰ্ণ হোৱাটোও নিশ্চিত কৰিব।



নিযুক্তি আয়োগ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা এগৰাকী। আয়োগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ দায়িত্ব ল'ব।

13 views0 comments