অত্যচাৰী বাবৰ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব আৰু গুৰুনানকৰ বাবৰগাথা






ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ ১৮ ইণ্ডিয়াৰ ছউপল শীৰ্ষক এটা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাবৰ যুগৰ পূৰ্বে ভাৰতৰ প্ৰতিগৰাকী লোক হিন্দু আছিল বুলি মন্তব্য কৰিছে। বাবৰে এইখন দেশলৈ আহি হিন্দুসকলক বলপূৰ্বক ইছলামলৈ ধৰ্মান্তৰিত কৰিলে নেকি? উত্তৰটোত অধিক সময় ব্যয় নকৰাকৈ ক’ব পাৰি-হয়। বাবৰৰ শাসনকালৰ সেই কংলকিত ইতিহাসত বৰ্ণনা কৰি থৈ গৈছে গুৰুনানকদেৱে।

বাবৰ আছিল ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। বৰ্বৰতা আৰু নৃসংশতাৰে ভাৰতবৰ্ষৰ ভাবীকালৰ ইতিহাসেই সলনি কৰি দিয়া এইজন আক্ৰমণকাৰীৰ গুণানুকীৰ্তন কৰা তথা মহান ব্যক্তিৰ শাৰীত তুলি ধৰা লোকৰ সংখ্যা ভাৰতত আজিও কম নহয়। বাবৰে ১৫১৯ চনৰ পৰা ১৫২৬ চনলৈ ৫বাৰ ভাৰত আক্ৰমণ কৰিছিল। অন্তিমবাৰত পানীপথৰ যুদ্ধত ইব্ৰাহিম লোধীক পৰাজিত কৰি বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছতে ভাৰতৰ ইতিহাস সলনি হৈ যায়। হাজাৰ হাজাৰ বছৰ পুৰণি সনাতনী হিন্দু সভ্যতাৰ ওপৰত দখলদাৰী বাদশ্বাহ আৰু সেনাৰ আক্ৰমণ, লুটপাত, বলপূৰ্বক ধৰ্মান্তৰকৰণ আদিয়ে এটা নতুন ইতিহাস লিখে।

বাবৰ আৰু মোগল সাম্ৰাজ্যৰ গঠনে পৰৱৰ্তীকালৰ ভাৰতবৰ্ষত কি প্ৰভাৱ পেলাব, সেই বিষয়ে গুৰুনানকে তাহানিতে বহু কথা স্পষ্টকৈ কৈ গৈছে। তেওঁ বাবৰৰ সময়ছোৱাত কিদৰে ভাৰতৰ নাৰীৰ ওপৰত ্ত্যাচাৰ চলোৱা হৈছিল, এইখন দেশৰ নাগৰিকক বলপূৰ্বক ধৰ্মান্তৰিত কৰা হৈছি, সেয়াও বৰ্ণনা কৰি থৈ গৈছে। বাবৰ আৰু গুৰুনানক সমসাময়িক আছিল। শিখ ধৰ্মগুৰুজনে বাবৰৰ অত্যাচাৰী শাসন, সনাতনী সংস্কৃতিৰ ওপৰত আক্ৰমণ কাষৰ পৰা দেখিছিল।

গুৰুগ্ৰন্থ চাহেবৰ নানকদেৱে কৈছিল-‘বাবৰ বাণী ফিৰি গই কুইৰু না ৰোড খাই।‘ অৰ্থাৎ বাবৰৰ সাম্ৰাজ্য যিমানেই বিস্তৃত হৈছে, সিমানেই অত্যাচাৰ বাঢ়িছে। কাব্যকৃতি ‘বাবৰগাঁথা’ত চাৰিটা পংক্তিৰে গুৰুনানকে ভৱিষ্যদ্বাবাণী আৰু উপদেশ লিপিবদ্ধ হৈছে। বাবৰগাঁথাৰ প্ৰথম পংক্তিত লালো বৰোই নামৰ এজনক সম্বোধন কৰি তেওঁ কৈছে- হে লালো, বাবৰে পাপৰ বোজা লগত লৈ আমাৰ দেশখনত প্ৰৱেশ কৰিছে। আৰু বলপূৰ্বকভাৱে আমাৰ ছোৱালীহঁতক বিয়া কৰি ধৰ্মান্তৰিত কৰিছে। ধৰ্ম আৰু লজ্জা আজি দুয়োটাই নিৰুদ্দেশ। পাপ আৰু মিথ্যাচাৰ-এনে দোষবোৰে মূৰ তুলি ঘূৰি ফুৰিছে। হে লালো, আমাৰ এই মাতৃভূমিত তেজৰ ডাগ লাগিছে। তথাপি মোৰ বিশ্বাস, ভাৰতত মোগলৰ স্থায়িত্ব দীৰ্ঘদিনীয়া নহ’ব। তেতিয়ালৈকে ‘মৰ্দ কা চেলা’ৰ এইখন দেশত জন্ম হ’ব।

বাবৰগাঁথাৰ দ্বিতীয় অধ্যায়ত গুৰুনানকদেৱে লিখিছে- হে ঈশ্বৰ, আৰতত এতিয়া মোগলৰ শাসন চলিছে।তৎসত্ত্বেও খোৰাছান প্ৰদেশ এতিয়াও সুৰক্ষিত। কাৰণ তুমি তাৰ প্ৰহৰী। অথচ বাবৰৰ বৰ্বৰতাৰ অগ্নিত তুমি হিন্দুস্তানক নিক্ষেপ কৰিছা। যম ৰূপী মোগলৰ জৰিয়তে তুমি ভাৰত আক্ৰমণ কৰিছা। পৰিণামত ইমান হত্যা-সংঘাত হৈছে যে ভাৰতবাসী আংতকিত হৈ পৰিছে। ঈশ্বৰ, তুমি ইমানেই নিৰ্দয়!


তৃতীয় পংক্তিত নাৰীৰ ওপৰত চলা বাবৰৰ হিংস্ৰতাৰ বৰ্ণনা কৰা হৈছে। ভাৰতৰ যি পতিব্ৰতা নাৰীৰ শিৰত সিন্দূৰ জ্লমল কৰিছিল, তেওঁলোক আজি অৱদমিত। এসময়ত যিসকলে অন্দৰমহলত আছিল, মোগলৰ অত্যাচাৰত তেওঁলোকৰ বাবে পথতো ঠাই নোহোৱা হৈছে।স্বামীহীনা ভাৰতীয় ৰমণীয়ে স্বামী-সন্তানক হেৰুৱাই মৃত্যুৰ ক্ষণ গণিছে।

চতুর্থ পংক্তিত গুৰুনানকে সর্বশক্তিমান ঈশ্বৰক প্ৰাৰ্থনা জনাই কৈছে-মই এই জগতখনৰ এটা ক্ষুদ্ৰ অংশ মাথোন। ইয়াৰ একমাত্ৰ মালিক তুমি।তুমিয়েই সমস্ত কৰ্মৰ হোতা। তোমাৰ নিৰ্দেশতে সুখ-দুখ আহে আৰু যায়। এই হিন্দুস্তানত আজি যি দুৰ্দশা চলিছে, শীঘ্ৰেই তাৰ পৰিসমাপ্তি ঘটিব।

বাবৰৰ ভাৰত আক্ৰমণ আৰু মোগলৰ অত্যাচাৰক লৈ গুৰুনানক কিমান চিন্তিত আছিল, সেয়া এই কাব্যগ্ৰন্থখনে স্পষ্টকৈ উদঙাই দিছে। বাবৰাগাথা বাবৰৰ ভাৰত আক্ৰমণ আৰু সমকালীন পৰিস্থিতিৰ জীৱন্ত দলিল।

9 views0 comments