'কা'বিৰোধী আন্দোলনত সাৰ-পানী যোগাবলৈ আহিল ড০ হীৰেন গোহাঁই





বিজেপি আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা ড০ হীৰেন গোহাঁইৰ মতে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'কা'বিৰোধী আন্দোলন এতিয়াও অপ্ৰাসংগিত হৈ যোৱা নাই। এতিয়াও এই আন্দোলনৰ প্ৰাসংগিকতা আছে।’


এখন সংবাদ মেলত তেওঁ 'কা'বিৰোধী আন্দোলন সম্পৰ্কত এইদৰে আশাবাদী মন্তব্য দিয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে দেশজুৰি 'কা'বিৰোধী আন্দোলনকাৰী এচামৰ মুখলৈ পানী আহিছে। আন্দোলনটোত পুনৰ সাৰ-পানী যোগোৱা আৰম্ভ কৰিছে।


ড০ হীৰেন গোহাঁয়ে কয় যে অসমৰ মানুহৰ ভুলৰ বাবেই আন্দোলনটোৰ সঠিক পৰিণতি লাভ সম্ভৱ নহ’ল।


ইফালে, অসমৰ ভাষাকেন্দ্ৰিক বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, এই মুহূৰ্তত অসমখন অশান্ত কৰি আছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই। সংঘাতে কেৱল ধ্বংসহে কৰে। ইয়াৰ পৰা কোনো উপকৃত নহয়। জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে সেইবোৰ আচলতে কিমান গুৰুত্ব দিব লাগে চিন্তা সকলোৱে চিন্তা কৰা উচিত।

5 views0 comments