নগাঁৱত ড্ৰাগছ বিক্ৰী কৰি থাকোঁতে ড্ৰাগছ বেপাৰী চাবিনা বেগমক আটক





ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও বৰবিহবিধৰ বেহা হ্ৰাস পোৱা নাই। চৰকাৰ তথা আৰক্ষীক একপ্ৰকাৰ উপলুঙা কৰি একাংশই ৰাজ্যখনত চলাই গৈছে ড্ৰাগছৰ বেহা। তেনেদৰে বেপেৰোৱাভাৱে ড্ৰাগছ বিক্ৰী কৰি থাকোঁতে এগৰাকী মহিলা নগাঁও আৰক্ষীৰ জালত পৰে। মহিলাগৰাকীয়ে ড্ৰাগছ বিক্ৰী কৰি থাকোঁতে নগাঁও ৰে'ল ষ্টেচন ওচৰৰ হোটেলবাৰীৰ পৰা হাতে-লোটে ধৰা পৰে আৰু আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে। ধৃত মহিলাগৰাকীৰ পৰা ১১টা ব্ৰাউন ছুগাৰভৰ্তি কন্টেনাৰ , কিছুসংখ্যক নিচায়ুক্ত টেবলেট আৰু কফ ছিৰাপৰ বটল জব্দ কৰে ৷ আটকাধীন মহিলাগৰাকী নাম চাবিনা বেগম (২৮)। ঘৰ পানীগাঁও চাৰিখুঁটিত ৷

1 view0 comments