বিশ্বনাথত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী ফকিৰ আলী




এইবাৰ আৰক্ষীৰ গুলীত বিশ্বনাথত গতিৰুদ্ধ হ'ল ড্ৰাগছ ব্যৱসায়ীৰ। পলাবলৈ অপচেষ্টা চলোৱা ফকিৰ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আৰক্ষীয়ে ভৰিলৈ গুলীয়ায় পলায়নৰ চেষ্টা ব্যৰ্থ কৰে।

ঘটনা সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষীয়ে এতিয়া পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। প্ৰাপ্ত খবৰ অনুসৰি যোৱানিশা প্ৰায় ২.৩০ বজাত বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলৰ পিষ্টলৰ গুলীত আহত হয় ফকিৰ আলী।

জানিব পৰা মতে, কালি বিয়লি বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে বিশ্বনাথ চাৰিআলি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুজন ব্যৱসায়ীক। দুয়োৰে ক্ৰমে ইনামূল হক আৰু ফকিৰ আলী।ফকিৰ আলীৰ ঘৰ দলগাঁওত। যোৱানিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলক বিশ্বনাথৰ বিভিন্ন স্থানত অবৈধ ড্ৰাগছৰ সৈতে জড়িত লোকক দেখুৱাই ফকিৰ আলী গৈছিল। আৰক্ষীয়ে তেওঁক লগত লৈ অভিযান চলাইছিল। অভিযানকালতে সুযোগ বুজি পলীয়নৰ অপচেষ্টা চলাই আৰক্ষীৰ গুলীত আহত হ'বলগীয়া ফকিৰ আলী। আলী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

3 views0 comments