মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছমহীয়া কাৰ্যকালত ৩২৫ কোটি টকাৰ ড্ৰাগছ জব্দ




মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণ কৰাৰ পাছত অসমত বর্তমানলৈ ২,৯০০জন অপৰাধীক কৰায়ত্ত কৰা হৈছে ৷ তদুপৰি ৫০ কিলোগ্রাম হেৰ’ইন, ৩৭ কিলোগ্রাম অ’পিয়াম আৰু ১৩৩খন বাহনো জব্দ হৈছে৷ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)–এ নার্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ সহযোগত অনুষ্ঠিত কৰা দুদিনীয়া বিশেষ প্রশিক্ষণ কার্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই তথ্য সদৰী কৰে। তেওঁ কয় যে এই ছমাহত অসমত অনডিপিএছ আইনৰ অধীনত ১,৭০০টা গোচৰ ৰুজু কৰা হৈছে। জব্দ হৈছে ৩২৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী।

ভাস্কৰজ্যোতি মহন্তই কয় যে ৰাজ্যখনত ড্রাগছৰ যোগান আৰু চাহিদা যাতে হ্রাস পায়, তাৰ বাবে অসম আৰক্ষীয়ে সুপৰিকল্পিতভাৱে কার্যপন্থা অব্যাহত ৰাখিছে। অনুষ্ঠানতে' ড্ৰাগছ ফ্ৰী অসম' নামৰ এটা এপ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাষ্ট্রীয় তথ্য কেন্দ্রই প্রস্তুত কৰা এই এপটোৰ জৰিয়তে সাধাৰণ ৰাইজে ড্রাগছৰ বিক্রী, সৰবৰাহ, মজুতকৰণ, সেৱন আদি সন্দর্ভত অসম আৰক্ষীক অৱগত কৰিব পাৰিব ৷

6 views0 comments