ৰাসত নচা নহ'ল : বাটতে ডাম্পাৰে মহটিয়ালে কামপুৰৰ মাম্পী বৰাক




ৰাসৰ নৃত্যানুষ্ঠানত ভাগ লোৱাৰ হেঁপাহেৰে ঘৰৰ পৰা পিতৃৰ সৈতে ওলাইছিল যুৱতীগৰাকী। কিন্তু তেওঁৰ সেই আশা পূৰণ নহ'ল। ৰাজপথৰ মৃত্যুদূত ৰূপী ডাম্পাৰ এখনে যুৱতীগৰাকীক চিৰদিনৰ বাবে এইখন পৃথিৱীৰপৰা আঁজুৰি লৈ গ'ল। এটা মৃতদেহ হৈ যুৱতীগৰাকী ঘৰলৈ উভতিল।



কৰুণ ঘটনাটো নগাঁও জিলাৰ কামপুৰৰ।

কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত ৰাস নৃত্যৰ বাবে গৈছিল কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা। তেওঁ মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।


ইফালে, কন্যাই ৰাস নৃত্য কৰিব! আশাবাদী পিতৃয়ে নিজেই স্কুটীত তুলি ৰাসপথাৰলৈ ঘৰৰ পৰা লৈ গৈছিল। কিন্তুত যাত্ৰাপথত যমদূতৰ দৰে আবিৰ্ভাৱ হ'ল এখন ডাম্পাৰৰ। তীব্ৰবেগী ডাম্পাৰখনে স্কুটীখনক মহটিয়াই লৈ গ'ল। ঘটনাত থিতাতে মৃত্যু হয় মাম্পীৰ। তেওঁৰ পিতৃও গুৰুতৰভাৱে আহত হয়। ঘটনাৰ লগে লগে চালকজনে ডাম্পাৰখন এৰি পলায়ন কৰে। পিছত আৰক্ষীয়ে এ এছ ০২ চি চি ৫৩৫৭ নম্বৰৰ ডাম্পাৰখন জব্দ কৰে। শোকাৱহ ঘটনাটোৱে ৰাজ্যখনত শোকৰ ছাঁ পেলাইছে।

7 views0 comments