ই-শ্ৰম প’ৰ্টেল : দেশৰ ৩৭.২৩ কোটিয়ে পঞ্জীয়ন কৰিলে নাম, অসমত সঁহাৰি আশাব্যজ্ঞক নহয়






দেশৰ অগংঠিত ক্ষেত্ৰখনত জড়িত শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহত বিগত বৰ্ষৰ আগষ্টত আমাৰ দেশখনত আৰম্ভ কৰা হয় ‘ই-শ্ৰম’ প’ৰ্টেল। তাৰে পিছৰে পৰা প’ৰ্টেলটোত শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰোৱাৰ বাবে চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে অভিযান আৰম্ভ কৰে। ইয়াৰে ফলশ্ৰুতিত এতিয়ালৈকে ৩৭ কোটি ২৩ লাখ ৬৩৯জন শ্ৰমিকৰ নামৰ প’ৰ্টেলটোত পঞ্জীয়নভুক্ত হৈছে। ইয়াৰে আধাতকৈ অধিক মহিলা। ইফালে, প’ৰ্টেলটোত নাম পঞ্জীয়নত প্ৰথম স্থান লাভ কৰিছে বিধানসভা নিৰ্বাচনলৈ সাজু হোৱা উত্তৰ প্ৰদেশ। ইয়ৰ পিছতে আছে পশ্চিমবংগৰ নাম। অসমৰ প্ৰতিৱেশী ৰাজ্যখনৰ প্ৰায় ২.৪০ কোটি শ্ৰমিকে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক হিচাপে নাম পঞ্জীয়ন কৰে। বিষয়টোত অসমৰ প্ৰদৰ্শন আশাব্যঞ্জক নহয়।

প্রসংগক্ৰমে উল্লেখ্য যে কেন্দ্রীয় শ্রম আৰু কর্মসংস্থাপন মন্ত্রালয়ে পৰিভ্ৰমী শ্ৰমিকসহ অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ পঞ্জীয়নৰ কাম আৰম্ভ কৰিছে বিগত বৰ্ষৰ আগষ্টত। প’ৰ্টেলৰ জৰিয়তে চলাই থকা পঞ্জীয়নত লাভ কৰা পৰিসংখ্যাৰ জৰিয়তে চৰকাৰে অগংঠিত ক্ষেত্ৰখনত জড়িত শ্ৰমিকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব। এইক্ষেত্ৰত প’ৰ্টেলটো হ’ব এটা জাতীয় সম্পদ। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতত ইমান দিনে অসংগঠিত ক্ষেেত্ৰখনত কিমান শ্ৰমিক জড়িত হৈ আছে, তাৰ কোনো তথ্য চৰকাৰৰ হাতত নাছিল। তদুপৰি, দেশখনত প্ৰব্ৰজনকাৰী শ্ৰমিকৰো নাছিল কোনো তথ্য। কৰোনাকালত বিভিন্ন ৰাজ্যৰ পৰা নিজৰ নিজৰ ৰাজ্যলৈ শ্ৰমিকৰ পলায়ন তথা প্ৰত্যাৱৰ্তন ঘটনাত সংখ্যাটো দেখি কেন্দ্ৰীয় চৰকাৰৰ চকু থৰ হৈ পৰে। তাৰে পিছতে প্ৰধানমন্ত্ৰীয়ে অসংগঠিত ক্ষেত্ৰখনত জড়িত হৈ থকা শ্ৰমিকৰ ডাটা প্ৰস্তুত কৰিবলৈ উদগ্ৰীৱ হৈ পৰে।আৰম্ভ হয় ই-শ্ৰম প’ৰ্টেলৰ কাম। প’ৰ্টেলটোত নির্মাণ প্রকল্পত নিযুক্ত কর্মী, প্ৰব্ৰজনকাৰী দেশীয় শ্রমিক, ৰাস্তা-ঘাটত পণ্য বিক্রেতা, গৃহ সহায়িকাসহ বিভিন্ন ক্ষেত্রৰ ৩৮ কোটি শ্রমিকক নথিভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। ইয়াৰ পিছত পঞ্জীয়নভুক্ত শ্ৰমিকক ১২ ডিজিটৰ 'ই-শ্রম' কার্ড দিয়া হ’ব, যাতে শ্রমিকসকলে চৰকাৰপ্রদত্ত সামাজিক নিৰাপত্তাৰ আঁচনিসমূহৰ সুবিধা ভোগ কৰিব পাৰে। কেন্দ্রীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে, পঞ্জীয়নভুক্ত শ্রমিকসকলৰ বাবে ২ লাখ টকাকৈ দুর্ঘটনা বীমাৰ ব্যৱস্থা কৰা হ’ব। প্রয়োজন অনুযায়ী পঞ্জীয়নভুক্ত শ্রমিকক আর্থিকভাৱে সহায়ো কৰা হ’ব। বিধানসভা নির্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত শ্ৰমিকক এহেজাৰ টকাকৈ আৰ্থিক অনুদান দিয়াৰ চিন্তা-চৰ্চা ইতিমধ্যে প্ৰদেশখনৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছেই। অৱশ্যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাত ইয়াৰ সম্ভাৱনা হ্ৰাস পালে। কিন্তু অনাগত দিনত নিৰ্বাচনী টোপ হিচাপে প’ৰ্টেলটোত পঞ্জীয়নভুক্ত শ্ৰমিকক আৰ্থিক সাহায্য দিয়া হ’ব পাৰে।

চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে জনোৱা হৈছে, প’ৰ্টেলটোত পঞ্জীয়নভুক্ত শ্ৰমিক দুৰ্ঘটনাত পতিত হ’লে বীমাৰ সুবিধা পাব। মৃত্যু হ’লে বা সম্পূৰ্ণৰূপে অক্ষম হলে ২ লাখ টকা দিয়া হ’ব। আংশিকভাৱে অক্ষম হ’লে পাব ১ লাখ টকা। জাতীয় টোল ফ্রী নম্বৰ ১৪৪৩৪লৈ ফোন কৰিলে প্রয়োজনীয় সকলো তথ্য-খবৰ পোৱা যায়। পঞ্জীয়নভুক্তিৰ পিছত এখন ই-শ্রম কার্ড দিয়া হয়। তাত এটা ১২ সংখ্যাৰ অভিন্ন নম্বৰ থাকে। কেন্দ্রীয় চৰকাৰে সমাজ কল্যাণমূলক আঁচনিসমূহ একলগে এঠাইলৈ অনাৰ বাবে শ্ৰমিকৰ পঞ্জীয়ন ব্যৱস্থা কৰিছে।


শুকুৰবাৰে প্ৰকাশিত তথ্য অনুসৰি, আবেদনকাৰীৰ আধাতকৈ অধিক মহিলা। ৫২.৮৩ শ‌তাংশ। পুৰুষ শ্রমিক ৪৭.১৭ শতাংশ। মুঠ আবেদনকাৰীৰ ৪৫.২৯ শতাংশ অন্যান্য অনগ্রসৰ শ্রেণীৰ। সাধাৰণ শ্ৰেণীৰ হাৰ ২৫.৮০ শতাংশ। অনুসূচিত জাতি আৰু জনজাতিৰ অংশীদাৰিত্ব ক্ৰমে ২১.৯৮ আৰু ৬.৯৩ শতাংশ। প’ৰ্টেলটোত পঞ্জীয়নভুক্ত হৈছে ৩৭ কোটি ২৩ লাখ ৬৩৯জন শ্ৰমিকৰ। ইয়াৰে মাজত শনিবাৰলৈকে ই-শ্রম কার্ড পাইছে ২০ কোটি ৫৯ লাখ ১৮ হাজাৰ ৩৫০জনে। উত্তৰ প্রদেশৰ ৭ কোটি ২৭ লাখ ৭১ হাজাৰ ৫০০জন পঞ্জীয়নভুক্ত হৈছে। দ্বিতীয় স্থানৰ পশ্চিমবংগৰ ২ কোটি, ৩৯ লাখ ৫ হাজাৰ ৯৬৫জন, তৃতীয় স্থানৰ বিহাৰৰ ১ কোটি ৯০ লাখ ৭৪ হাজাৰ ৪৬জনে পঞ্জীয়ন কৰিছে। চতুর্থ আৰু পঞ্চম স্থানত আছে ক্রমে ওড়িশা আৰু ঝাড়খণ্ড।

8 views0 comments