ভূমিকম্প : দিনৰ ১.১২ বজাত হঠাৎ কঁপি উঠিল গুৱাহাটী



শনিবাৰ অৰ্থাৎ আজি দিনৰ প্ৰায় ১.১২ বজাত ভূমিকম্পৰ জোকাৰণি এটাই গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল কঁপাই তোলে। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.১। ১০ কিলোমিটাৰ গভীৰৰ পৰা উদ্ভৱ ভূমিকম্পটোৱে ৰাজ্যখনৰ কোনো অংশতে ক্ষতি কৰাৰ বাতৰি পোৱা নাই। কিন্তু গুৱাহাটীত বহুসংখ্যক লোকৰ মনত জোকাৰণিটোৱে দুশ্চিন্তাৰ সৃষ্টি কৰে।

4 views0 comments