'দুগুণ হ্রাসকৰণ' নীতিৰ পিছতে চীনত শিক্ষাৰ শ্বেয়াৰৰ অৱনমন




'দুগুণ হ্রাসকৰণ' নীতিৰ পিছতে চীনত অৱনমিত হৈছে শিক্ষাৰ শ্বেয়াৰ । চীনা চৰকাৰে ঘোষণা কৰা এই গোড়া নীতিটোৰ পিছতে লক্ষণীয়ভাৱে কমি গৈছে চীনৰ শিক্ষা কোম্পানীবোৰৰ শ্বেয়াৰ মূল্য । ইয়াৰ ফলত অন্ধকাৰৰ ফালে গতি কৰিছে কোটি-কোটিগৰাকী শিক্ষকৰ জীৱন । কানাডাস্থিত এক চিন্তা-সমূহে এই তথ্য সদৰি কৰিছে । জানিব পৰামতে বেইজিঙে এক দুগুণ হ্রাসকৰণ নীতি জাৰি কৰিছে যাৰ অধীনত গৃহকাৰ্যৰ বোজা কমাবলৈ আৰু অনিবাৰ্য শিক্ষা ছাত্ৰসকলৰ অফ-কেম্পাছ প্ৰশিক্ষণ নোহোৱা কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে । দাবী কৰা হৈছে যে ইয়ে ছাত্ৰ-ছাত্ৰীসকলৰ গৃহকাৰ্যৰ বোজা কম কৰিব । কিন্তু ইয়াৰ বিপৰীতে এই নীতিয়ে চীনৰ ৩০০ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত টিউচন উদ্যোগৰ লগতে কোটি কোটি শিক্ষক আৰু অভিভাৱকৰ লোকচানহে কৰিছে । ইন্টাৰনেছনেল ফৰাম ফৰ ৰাইটছ এণ্ড চিকিউৰিটিয়ে কৈছে যে ব্যক্তিগত টিউচন কেন্দ্ৰবোৰ বন্ধ কৰি দিলে ছাত্ৰ-ছাত্ৰীসকলৰ বোজা কম হৈ নাযায়, তাৰ সলনি চীনৰ গোটেই শিক্ষা ব্যৱস্থাৰেই পুনৰ্গঠন হোৱাটো উচিত । সংস্থাটোৱে জনোৱা অনুসৰি এই নীতিৰ ফলত নিউ অ'ৰিয়েণ্টেল এডুকেছন, টি এ এল এডুকেছন গ্ৰুপ, গাওটো টেকেডু এণ্ড স্কলাৰ এডুকেছন গ্ৰুপ আদি বৃহৎ কোম্পানীবোৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । ইয়াৰ লগতে প্ৰায় ১০ মিলিয়ন ব্যক্তিগত টিউচনৰ সৈতে জড়িত শিক্ষকৰ জীৱন বিপদত পৰিছে । তাৰোপৰি যিসকল অভিভাৱকে হাজাৰ হাজাৰ ডলাৰ খৰছ কৰি নিজৰ সন্তানৰ বাবে এই শিক্ষা প্ৰতিষ্ঠানবোৰত আগতীয়া বুকিং কৰিছিল, তেওঁলোকৰো কষ্টোপাৰ্জিত ধন পানী পৰিছে কাৰণ কৰ্তৃপক্ষবোৰে জনাইছে যে এই ধন ঘূৰাই দিয়াৰ কোনো ব্যৱস্থা সম্প্ৰতি উপলব্ধ নাই ।

9 views0 comments