৫ + ৩ + ৩ + ৪ আৰ্হিত দ্বাদশলৈ ১৫ বছৰীয়া হ'ব অসমত শিক্ষা ব্যৱস্থা




অসমৰ ইতিহাসত বঙাইগাঁৱত আজি অনু্ষ্ঠিত কেবিনেট বৈঠকখনৰ কথা সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। এইখন বৈঠকতে অসমৰ শিক্ষা ক্ষেত্ৰখনৰ বাবে যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তই ৰাজ্যখনৰ মাধ্যমিক পৰ্যায়লৈকে আমূল পৰিৱৰ্তন আনিব। পৰৱৰ্তী বৰ্ষত বিদ্যালয়ৰ শ্ৰেণীৰ পৰ্যায়ত গাঁঠনিগত পৰিৱৰ্তন ঘটিব আৰু ২০২৩ চনত পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন হ'ব। কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰি জনোৱা মতে, আজিৰ কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থাটোক নতুনকৈ গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাধ্যমিক পৰ্যায়লৈকে অসমত ৫ + ৩ + ৩ + ৪ আৰ্হিত গঢ় দিয়া হ'ব। ইয়াৰে ৫নং অংশটো অৰ্থাৎ শিক্ষা জীৱনৰ প্ৰথম পাঁচটা অথবা প্ৰথম ৫ বছৰ হ'ব প্ৰস্তুতি পৰ্ব। তাৰ পিছত তিনিটা বছৰ দ্বিতীয় পৰ্ব আৰু মধ্যম পৰ্বত আজিৰ পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ শিকোৱা হ'ব। ইয়াৰ পৰৱৰ্তী পৰ্যায়টো মাধ্যমিক পৰ্যায়ত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ধৰা হ'ব। অৰ্থাৎ দ্বাদশৰ চূড়ান্ত পৰীক্ষাৰ বাবে শিক্ষাৰ্থী এজনে শিক্ষা জীৱনৰ ১৫ বছৰীয়া পৰিক্ৰমা এটাত অৱতীর্ণ হ'ব লাগিব। আনহাতে, নতুন ব্যৱস্থাত মেট্ৰিক পৰীক্ষা গুৰুত্বহীন হৈ পৰিব। সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে পৰৱৰ্তী শিক্ষা বৰ্ষত নতুন ব্যৱস্থাৰ অনুকুলে বিদ্যালয়ৰ পৰিকাঠামো সলনি কৰা হ'ব। ২০১৩ চনৰ ১ এপ্ৰিলৰ পৰা নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব।

9 views0 comments