নতুন বছৰৰ প্ৰথম মাহতে কাৰ্যকৰী 'কা'! বিধি প্ৰস্তুত কৰিবলৈ তৎপৰ হৈছে দিল্লী






নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ প্ৰায় দুবছৰে হ'ল যদিও অদ্যাপি আইনখন কাৰ্য্যকৰী হোৱা নাই। এইক্ষেত্ৰত ৰাজনৈতিক নেতৃত্বও নিশ্চুপ। কেতিয়াৰ পৰা সংশোধিত আইনখন কাৰ্য্যকৰী হ'ব, এই সন্দৰ্ভত কোনো পক্ষই মুখ খোলা নাই।  জানিব পৰামতে আইনখন কাৰ্য্যকৰীকৰণৰ অৰ্থে কেন্দ্ৰই প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিব পৰা নাই। ফলত নাগৰিকত্বৰ বাবে জনোৱা বহু আবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এনেয়ে পৰি আছে। কিন্তু শেহতীয়াকৈ খবৰ ওলাইছে নৱবৰ্ষৰ প্ৰথম মাহটোতে প্ৰস্তুত হ'ব বিধি। ইয়াৰ পিছত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'কা'।




উত্তৰপ্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰই ‘কা' কাৰ্যকৰী কৰাৰ প্ৰয়াস চলাব বুলি খবৰ ওলাইছে। সম্ভৱতঃ ১০ জানুৱাৰীৰ পূৰ্বেই বিধি প্ৰস্তুত হৈ উঠিব।

উল্লেখ্য যে আইনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় কাৰণত নিৰ্যাাতিত হৈ ২০১৪ চনলৈ অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চি আৰু খ্ৰীষ্টানক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। উত্তৰপ্ৰদেশৰ ৰাজনীতিত আইনখনে যথেষ্ট প্ৰভাৱ পেলাব বুলি চৰ্চিত হৈছে।


লক্ষণীয় কথাটো হ'ল, আইনখনক মুছলমানৰ একাংশই দেশৰ বিভিন্ন প্ৰান্তত বিৰোধিতা কৰি আহিছে৷ আইনখনৰ বিৰুদ্ধে দিল্লীৰ ছাহিনবাগত দীঘলীয়া আন্দোলন চলিছিল যদিও আইন বাতিল কৰিবলৈ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম নহ’ল৷ নাগৰিকত্ব অধিনিয়ম ১৯৫৫ ধাৰা ২-১খ অনুসৰি পাছপ’ৰ্ট, ভিছা আৰু ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতলৈ আহে বা যিসকলৰ পাছপ’ৰ্ট বা ভিছাৰ ম্যাদ উকলি গৈছে সেইসকলক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা হ’ব৷ এই নিয়ম সলনি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে৷ বাংলাদেশ গঠনৰ কিছু সময় পূৰ্বে বৃহৎসংখ্যক হিন্দু শৰণাৰ্থী ভাৰতলৈ আহিছিল৷ বাংলাদেশ গঠনৰ পিছতো নিপীডিত সংখ্যালঘুসকলৰ আগমন চলি থাকে ভাৰতলৈ৷ ভাৰতত এনে শৰণাৰ্থীৰ সংখ্যা প্ৰায় দুই-তিনি কোটি হ’ব৷ এই শৰণাৰ্থীসকলক ‘কা’ৰ জৰিয়তে নাগৰিকত্ব দিয়াৰ বাবে সাজু হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ৷ নতুন বৰ্ষতে এনে শৰণাৰ্থীসকলে নাগৰিকত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷

6 views0 comments