মাকে মূৰত পিন্ধা বেল্ট কিনি নিদিয়াত অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা




মূৰত পিন্ধা বেল্ট এডাল কিনি নিদিয়াত বৰপেটা জিলাৰ কলগাছিয়াত বেদনাদায়ক ঘটনা এটা ঘটে। মাকে বেল্টডাল কিনি নিদিওঁ বুলিও কোৱা নাছিল। হাতত টকা নাই বাবে পাছত কিনি দিম বুলি কৈছিল। সেইখিনি কথাকো সহজে হজম কৰিব নোৱাৰিলে অষ্টম শ্ৰেণীত পঢ়ি থকা মৌচুমী খানমে। চীপ লৈ আত্মহত্যা কৰে। কিশোৰীগৰাকীৰ আত্মহত্যাত অঞ্চলবাসী হতবাক হৈ পৰিছে। জীৱন ইমানো মূল্যহীন নে? জীৱনৰ গুৰুত্ব বুজাৰ আগেয়ে জীৱনক নিঃশেষ কৰি দিবলৈ কম বয়সীয়া কিশোৰী এগৰাকীৰ মনজগতলৈ আত্মহত্যাৰ চিন্তা আহে ক'ৰ পৰা?


মৌচুমী খানমৰ ঘৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰঝাহী গাঁৱত। দুৰ্ভগীয়া মাতৃ ৰূপা খানৰ পৰা মৌচুমীয়ে মূৰৰ পিন্ধা বেল্ট বিচাৰে। মাকৰ হাতত টকা নথকাত পাছত কিনি দিম বুলি কয়। সেইখিনি কথাতে মৌচুমীয়ে চীপ লৈ আত্মহত্যা কৰে।



ঘটনাস্থলীত কলগাছিয়া আৰক্ষীৰ দল উপস্থিত হৈ মৌচুমীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ থানালৈ লৈ আহে।

15 views0 comments