আজি উত্তৰপ্ৰদেশ, মণিপুৰসহ পাঁচ ৰাজ্যৰ নিৰ্বাচনী সূচী ঘোষণা






কৰোনাৰ তৃতীয় লহৰৰ মাজতে শনিবাৰ অৰ্থাৎ আজি বিয়লি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। বিয়লি ৩.৩০ বজাত নিৰ্বাচন আয়োগে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এখন সংবাদ মেল অনুষ্ঠিত কৰি উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। ইয়াৰ লগে লগে ৰাজ্যকেইখনত নিৰ্বাচনী অধিসূচনাও বলৱৎ হৈ পৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচন সময় মতে হওক, সেইটো প্ৰতিটো ৰাজনৈতিক দলে বিচাৰিছে। দেশৰ ভাবীকালৰ ৰাজনীতিত ৰাজ্যখনৰ অপৰিসীম গুৰুত্ব থকা হেতু কোনো এটা ৰাজনৈতিক প্ৰদেশখনৰ বিধানসভা নিৰ্বাচন পিছুওৱাটো বিচৰা নাই। সকলোৱে উত্তৰপ্ৰদেশ বিধানসভাৰ জৰিয়তে নতুন দিল্লীলৈ যোৱাৰ বাট কাটিব বিচাৰিছে। বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিক পৰাভূত কৰাৰ বাবে এয়াই উপযুক্ত সম. বুলি বিবেচনা কৰিছে। প্ৰদেশখনৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পাৰিলে ২০২৪ চনত অনুষ্ঠিতব্য সাধাৰণ নিৰ্বাচনত দলটোক দুৰ্বল কৰি তুলিব পৰা যাব বুলি ভাবে। ইয়াৰ বিপৰীতে, উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ জৰিয়তে সাধাৰণ নিৰ্বাচনত জয়ৰ ভেটি মজবুত কৰাৰ পক্ষপাতী বিজেপি নেতৃত্ব। সাতে সোতৰ মিলি উত্তৰপ্ৰদেশত বিধানসভা নিৰ্বাচন সময়মতে অনুষ্ঠিত হোৱাৰ বাবে সৰ্বসন্মত ৰাজনৈতিক সিদ্ধান্ত নিৰ্বাচন আয়োগৰ হাতত পৰিছে। গতিকে প্ৰদেশখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে নিৰ্বাচন আয়োগ। নিৰ্বাচন সময়মতে অনুষ্ঠিতকৰণৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগৰ সকলো নীতি-নিৰ্দেশনা পালন কৰা হ’ব বুলিও আয়োগক জনাই দিছে। ৰাজনৈতিক দলসমূহে ডিজিটেল আৰু ভাৰ্চুৱেল সমাৱেশক বিকল্প হিচাপে গ্ৰহণ কৰাৰ সমৰ্থনতো আগবাঢ়ি আহিবলৈ ধৰিছে।

#কেন্দ্ৰীয় চৰকাৰে আয়োগক প্ৰতিবেদন দিছে

দেশজুৰি কৰোনাৰ তৃতীয় লহৰ আৰম্ভ হোৱাত নিৰ্বাচন আয়োগে ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচন স্থগিত ৰাখিব বিচাৰিছিল। ইয়াৰ বাবে আয়োগে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। প্ৰতিবেদনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত অমাইক্ৰনৰ সংক্ৰমণ তেনেই কম। সেয়ে চিন্তাৰ কোনো কাৰণ নাই।

#উত্তৰপ্ৰদেশত ৫ৰ পৰা ৮ পৰ্যায়ত ভোটগ্ৰহণ!

ুত্তৰপ্ৰদেশত এইবাৰ পাঁচৰ পৰা আঠটালৈকে পৰ্যায়ত ভোটগ্ৰহণ হ’ব পাৰে। প্ৰদেশখনৰ আৰক্ষী প্ৰশাসন িতিমধ্যে নিৰ্বাচন অনুষ্ঠিতকৰণৰ বাবে কঁকালত টঙালি বান্ধিছে। নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় সসস্ত্ৰ বাহিনীৰ ১৫০টা কোম্পানী ১০ জানুৱাৰীত ৰাজ্যখনত উপস্থিত হ’ব। তাৰে পিছতে উত্তৰপ্ৰদেশ আৰক্ষীয়ে স্পৰ্সকাতৰ আৰু অতিস্পৰ্শকাতৰ অঞ্চলসমূহত তহল দিয়া আৰম্ভ কৰিব।

#মণিপুৰে আয়োগৰ চিন্তা বঢ়াইছে

মণিপুৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিতকৰণক লৈ নিৰ্বাচন আয়োগ চিন্তিত যেন অনুমান হৈছে। ইয়াৰ কাৰণ অন্য ৰাজ্যৰ তুলনাত মণিপুৰত টিকাকৰণৰ হাৰ যথেষ্ট কম।ৰাজ্যখনত এতিয়ালৈকে ভেকচিনৰ প্ৰথম পালি লোৱাৰ লোকৰ হাৰ মাথোঁ ৫৭ শতাংশ আৰু দুয়োপালি লৈছে মাথোঁ ৪৫ শতাংশই। আয়োগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ভেকচিন প্ৰদানৰ হাৰ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে।

#গোৱা বিধানসভাৰ আসনৰ সংখ্যা ৪০

৪০খন আসনবিশিষ্ট গেৱা বিধানসভাৰ কাৰ্যকাল অহা ১৫ মাৰ্চত সমাপ্ত হ’ব। এইবাৰৰ নিৰ্বাচনত বিজেপি, কংগ্ৰেছৰ লগতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু অৰবিন্দ কেজৰিৱালৰ আপৰ প্ৰদৰ্শন লক্ষণীয় হ’ব। দুয়োটা দলৰ নাম গোৱাৰ ৰাজনৈতিক ক্ষেত্ৰখনত নতুনকৈ তথা ব্যাপক হাৰত চৰ্চিত হৈছে।

#উত্তৰাখণ্ডত অনলাইন নিৰ্বাচন!

কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ পৰিপ্ৰেক্ষিত নিৰ্বাচন আৰু নিৰ্বাচনী সমাৱেশ স্থগিত কৰাৰ আবেদনৰ শুনানি শেহতীয়াকৈ সম্পন্ন হৈছে। শুনানি গ্ৰহণ কৰি উত্তৰাখণ্ড হাইক’ৰ্টে নিৰ্বাচনী সমাৱেশ-সভা ভাৰ্চুৱেলী আৰু ভোটদান অনলাইনযোগে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক ২৩ জানুৱাৰীৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগে প্ৰদেশখনত অনলাইন ভোটগ্ৰহণৰ হেতু পৰ্যাপ্ত সুবিধা উপলব্ধ নহয় বুলি আদালতক শুনানিৰ সময়তে জনাই দিছে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে কৰোনাৰ সৈতে যুঁজিবলৈ চৰকাৰখন সম্পূৰ্ণৰূপে সাজু বুলি সংবাদমাধ্যমক জানিবলৈ দিছে। আজি আয়োগে কি সিদ্ধান্ত ৰাজহুৱা কৰে, সেয়া লক্ষণীয় হ’ব।

#পঞ্জাবতো নিৰ্বাচনৰ প্ৰস্তুতি জোৰদাৰ হৈছে

পঞ্জাবত এইবাৰ কোনো এটা দলে এককভাৱে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা নাই। ‘টাইমছ নাও’ৰ এগজিট পোলত এই তথ্য পোহৰলৈ আহিছে। প্ৰদেশখনত সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি ভোটাৰৰ সন্মুখীন হ’বলৈ সাজু হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ধাৰাবাহিকভাৱে নিৰ্বাচনী সভাত ভাগ লৈ আছে। লগতে কংগ্ৰেছ, প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ নৱগঠিত দল, বিজেপি, আকালি দল আদিও ৰৈ থকা নাই।

4 views0 comments