বিদ্যুৎচালিত গাড়ী হ’ব পাৰে উৎকৃষ্ট বিকল্প



পেট্ৰ’ল-ডিজেলৰ দামে আকাশ চুইছে। অনাগত দিনত ইয়াৰ দাম যে হ্ৰাস হ’ব বা বৰ বিশেষ হ্ৰাস পাব, তাৰ সম্ভাৱনা তেনেই কম। সেয়ে বিশ্বজুৰি ইন্ধনৰ বিকল্পৰ সন্ধান বিদ্যুৎগতিত বৃদ্ধি পাইছে। তদুপৰি, পৰিৱেশগত সমস্যাও আছে। জীৱাশ্মসৃষ্ট ইন্ধনচালিত যান-বাহন পৰিৱেশগত সমস্যাৰ এটা প্ৰধান কাৰণ। এইক্ষেত্ৰত বিদ্যুৎচালিত গাড়ীৰ চাহিদা আৰু গ্ৰহণযোগ্যতা বিশ্বজুৰি বৃদ্ধি পাইছে।

বিগত দেড় দশকত ভাৰতত ১০ লাখ বৈদ্যুতিক গাড়ী বিক্রী হৈছিল। আশা কৰা হৈছে, কেৱল ২০২২ চনতে সিমানখিনি বৈদ্যুতিক গাড়ী আমাৰ দেশখনত বিক্ৰী হ’ব। অদূৰ ভৱিষ্যতে ভাৰতসহ সমগ্ৰ বিশ্বত পেট্র’ল-ডিজ়েলচালিত গাড়ীৰ পৰিৱর্তে বৈদ্যুতিক গাড়ীয়ে সেই স্থান ল’ব। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে,, পেট্র’ল-ডিজ়েলৰ ক্রমবর্ধমান দাম। এখন সমশক্তিসম্পন্ন পেট্র’লচালিত গাড়ীৰ তুলনাত বিদ্যুৎচালিত গাড়ীত খৰচ প্রায় ৮০ শতাংশ কম। সেয়ে ইন্ধনৰ জুইৃছাই দামৰ যুগত দ্বিতীয়টোৰ বিক্রী বৃদ্ধি অপ্রত্যাশিত নহয়। অৱশ্যে কেৱল ইন্ধনেই নহয়, পৰিৱেশগত কাৰমতো বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰ বৃদ্ধিৰ প্রয়োজন। বৈদ্যুতিক গাড়ীৰ প্ৰদূষণ ক্ষমতা কম। লণ্ডনৰ স্থানীয় প্রশাসনে স্বীকাৰ কৰিছিল, ৰাজধানীৰ বায়ু প্ৰদূষণৰ প্রায় আধাখিনিৰ বাবে পথ পৰিবহণ দায়ী। সেয়ে, ব্রিটেইনত বৈদ্যুতিক গাড়ীৰ সংখ্যাবৃদ্ধিত গুৰুত্ব দিয়া হৈছে। ভাৰততো দিল্লী, কলকাতাৰ দৰে বৃহৎ চহৰসমূহত বৈদ্যুতিক গাড়ীৰ সংখ্যা বৃদ্ধি পালে মাত্রাধিক বায়ু প্ৰদূষণ কিছু নিয়ন্ত্রিত হ’ব। কিন্তু বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰ সম্পূর্ণ পৰিৱেশবান্ধৱ হয় নে নহয়, সেয়াও প্রশ্নসাপেক্ষ। সাধাৰণত, এই গাড়ীৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ স্থানীয় বৈদ্যুতিক পৰিকাঠামোকেই ব্যৱহার কৰে। ভাৰতৰ দৰে দেশত স্থানীয় বৈদ্যুতিক পৰিকাঠামো এতিয়াও জীৱাশ্ম ইন্ধননির্ভৰ। অৰ্থাৎ, গাড়ীয়ে প্রদূষণ কম কৰিলেও চার্জ দিয়াৰ উৎসৰ যেতিয়ালৈকে পৰিৱেশবান্ধৱ নহয়, তেতিয়ালৈকে এইবিধ গাড়ীক পৰিৱেশবান্ধৱ বুলি কোৱা নাযাব। বিষয়টোত চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে।

ভাৰতত বৈদ্যুতিক গাড়ীৰ প্রসাৰক লৈ ভাবনা-চিন্তা নূতন নহয়। ২০১০ চনত তৎকালীন কেন্দ্রীয় চৰকাৰে বিদ্যুৎচালিত পৰিবহণত ২০ শতাংশ ৰাজসাহায্য দিছিল। ফলত সেই সময় বৈদ্যুতিক গাড়ীৰ ক্রয় যথেষ্ট বৃদ্ধি পায়। কিন্তু পৰিকল্পনাটো স্বয়ংসম্পূর্ণ নোহোৱাত বিক্রীৰ ঊৰ্ধ্বমুখী ৰেখাডালৰ দিশ ওলোটামুৱা হয়। ২০১৩ চনত হেভী উদ্যোগ মন্ত্রালয়ে ‘নেচনেল ইলেকট্রিক ম’বিলিটী মিছন প্লেন ২০২০’ নামৰ এটা পৰিকল্পনা হাতত লৈছিল, তাত ১৪,০০০ কোটি টকা আবণ্টন দিয়া হৈছিল। ধনখিনি ভাৰতত বিদ্যুৎচালিত পৰিবহণৰ পৰিকাঠামো প্ৰস্তুত আৰু ব্যৱহাৰ বৃদ্ধিৰ বাবে আবণ্টন দিয়া হৈছিল। বর্তমানৰ ‘ফেম’ পৰিকল্পনাটোও এই মিছনৰেই অন্তর্ভুক্ত। অর্থাৎ, ভেটি প্ৰস্তুত তেতিয়াই হৈছিল। তাৰে ওপৰত ঙৰি থৈ বৰ্তমানৰ চৰকাৰে ‘ফেম-২’ পৰিকল্পনাটো গ্রহণ কৰিছে। ৰাজসাহায্য দিয়া হৈছে দ্রুত গতিৰ দ্বি-চক্রযান, বাণিজ্যিক পৰিবহণ আৰু গণ পৰিবহণত। দেখা গৈছে, পেট্র’লচালিত দুচকীয়া বাহন আৰু ৰাজসাহায্যযুক্ত বৈদ্যুতিক দুচকীয়া বাহনৰ দামত পাৰ্থক্য বেছি নাই। স্বাভাৱিকভাৱেই দ্বিতীয়টোৰ প্রতি গ্ৰাহকৰ আগ্রহ বাঢ়িছে। কিন্তু এইটোও সত্য যে সামগ্ৰিকভাৱে এতিয়াও বৈদ্যুতিক গাড়ীৰ ক্রয়মূল্য এটা বিৰাটসংখ্যক ক্রেতাৰ ক্ৰয়ক্ষমতাৰ বাহিৰত। তদুপৰি, চার্জিং ষ্টেচনৰ অপ্রতুলতাও বৈদ্যুতিক গাড়ী ব্যৱহাৰৰ অন্যতম অন্তৰায়। সমাগত দিনত আন্তঃগাঁথনিৰ বিকাশ আৰু বৈদ্যুতিক গাড়ীৰ দাম মধ্যবিত্তৰ আয়ত্তৰ ভিতৰলৈ আনিবলৈ সুস্থ পৰিকল্পনাৰ প্ৰয়োজন।

3 views0 comments