হাতী-মানুহৰ সংঘাত : অসম এতিয়া সন্ধিক্ষণত




অসমৰ সংবাদ জগতত হাতী-মানুহৰ সংঘাতৰ বাতৰি প্ৰায় প্ৰতিদিনে প্ৰকাশ পোৱা হৈছে। বিগত প্ৰায় এটা দশকৰ পৰা ৰাজ্যখনত হাতী-মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। এতিয়া অৱস্থা ইমান শোচনীয় হৈ পৰিছে যে অসমত প্ৰতিদিনে কোনো নহয় কোনো অংশৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাতৰি আহে। ক’ৰবাত কৃষকে কষ্টৰে কতৰা খেতিড’ৰা বন্যহস্তীয়ে আহি তহিলং কৰে। ক’ৰবাত গঞাৰ হেঁপাহৰ ঘৰটো ভাঙে। ক’ৰবাত গচকত বা আক্ৰমণত মানুহে প্ৰাণ বিষৰ্জন দিবলগীয়া হয়। এই প্ৰতিটো গটনাই বেদনাদায়ক। অসহনীয়। যাৰ খেতিড’ৰা হাতীয়ে নষ্ট কৰে বা ভঁৰালৰ পৰা উদং কৰে, সেইটো পৰিয়ালেহে জানে তেওঁলোকে কমান বিপৰ্যয়ৰ গৰাহত পৰিবলগীয়া হয়। ঘৰটো ভাঙিলে গৃহহাৰা গঞাৰ বাবে দ্বিতীয়টো বাসগৃহ নিৰ্মাণ কৰা কিমান কঠিন কাম, সেইটো আঁতৰৰ পৰা বুজিব নোৱাৰি। একেদৰে আপোনজনক চিৰদিনলৈ হেৰুওৱাৰ মৰ্মবেদনা আৰু পূৰণ কৰিব নোৱাৰা ক্ষতিৰ শোক বুজিব পাৰে অকল সংশ্লিষ্ট পৰিয়ালটোৱে। সেইদৰে, নিশা উজাগৰে থাকি খেতি আৰু পৰিয়ালক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টা আৰু ইয়াৰ পৰা মানসিক জগতখনত পৰা প্ৰভাৱ অনুভৱ কৰাটো সকলোৰে সহজ নহয়। চৰকাৰী তথ্য অনুসৰি, ২০১৪-১৫ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈকে অসমত ৪৭৯জন লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। আন এটা তথ্য অনুসৰি, ২০১০ চনৰ পৰা ২০১৯ চনলৈকে অসমত ৭৬১জন লোকৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে। এই সময়ছোৱাত ২৪৯টা হাতীৰ প্ৰাণ গৈছে। হিচাপবিহীন পৰিমাণত খেতি নষ্ট হৈছে। কিমান ঘৰ ভাঙিছে, তাৰ প্ৰকৃত হিচাপ চৰকাৰী ঘৰেও দিব নোৱাৰে। এই সকলোবোৰ বৰ অসহনীয়। মানুহ আৰু হাতী, দুয়োটাৰে মৃত্যু কাৰোৱেই কাম্য নহয়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি?

হাতী-মানুহৰ সংঘাতৰ মূল কথাটোৱেই হৈছে খাদ্যৰ সংকট। বনাঞ্চলত খাদ্যৰ সংকটত ভোগা হাতীয়ে পেটৰ তাগিদাত বাহিৰলৈ ওলাই আহে। খাদ্ সংকটৰো এটা প্ৰধান কাৰণ বনাঞ্চল হ্ৰাস পাই অহাটো। বনাঞ্চল ধ্বংস কৰি তাত বসতি স্থাপন কৰাৰ বাবে হাতীয়ে খাদ্যৰ সংকটত পৰিছে। গছ-গছনি হ্ৰাস পাইছে। সেই ঠাইত গঢ়ি উঠিছে জনবসতি। ঘৰটোৰ সৈতে বিস্তীৰ্ণ ভূমিত হাবি-বননি পৰিষ্কাৰ কৰি খেতি কৰা হৈছে। গজৰাজে কি কৰিব? সকলোৰে পেটত ভোক আছে। জীয়াই থকাৰ তাগিদা আছে। খাদ্যৰ বাবে বনাঞ্চলৰ সীমিত পৰিসৰৰ পৰা বাহিৰলৈ ওলাই আহি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰে। খেতিপথাৰ খাই তহিলং কৰে। পথাৰত খাবলৈ নাপালে ভঁৰালত আক্ৰমণ কৰে। তদুপৰি, হাতীৰ এটা বৈশিষ্ট্য আছে। হাতীয়ে বংশানুক্ৰমে একেটা পথকে ব্যৱহাৰ কৰে। তাৰ ওপৰত যদি ঘৰ-বাৰী, উদ্যোগ-কাৰখানা আদি গঢ়ি উঠে, হাতীৰ সেই স্বাভাৱিক প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ ওপৰত পৰে।

এসময়ৰ অবিভক্ত গোৱালপাৰা জিলাৰ ভৌগোলিক অৱস্থান, অঞ্চলটোৰ সাধাৰণ মানুহৰ জীৱন, জীৱিকা আৰু চাৰিত্ৰিক গঠন, প্ৰকৃতি সকলোতে হাতীৰ প্ৰভাৱ আছিল অনবদ্য। এই কথা গোৱালপাৰীয়া লোকগীতত সুন্দৰকৈ প্ৰতিফলিত হৈছে। হাতী আৰু মাউতক লৈ কিমনা যে গীত, কিমান যে কাহিনী। আজি সেই গোৱালপাৰাতে বন্যহাতীৰ আক্ৰমণত প্ৰায় প্ৰতিদিনেমানুহৰ মৃত্যু হয়। ঘৰ-বাৰী, খেতিপথাৰৰ অনিষ্ট সাধনৰ কথাটো আছেই। অকল গোৱালপাৰায়েই নহয়, গোলাঘাট, যোৰহাট, ওদালগুৰি, শোণিতপুৰ আদি জিলাত বন্যহস্তীৰ অন্যতম উপদ্ৰৱস্থলী হৈ পৰিছে। অকল এইকেইখন জিলাৰ নাম ল’লে ভুল হ’ব, আজি সমগ্ৰ অসমেই হাতী-মানুহৰ সংঘাতৰ বলি। বন্যজন্তুৰ ভৌগলিক সীমাৰেখা নাই। অসমত দেখি থকা হাতীবোৰে উত্তৰ-পুৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যতে কম বেচি পৰিমাণে নিজৰ নিজৰ কৰিডৰ লৈ বিচৰণ কৰি ফুৰে। অসমখনৰ চাৰিওফালে পাহাৰীয়া ৰাজ্য। কোনেও দাবী কৰিব নোৱাৰে হাতীৰ জাকটো সেইখন ৰাজ্যৰ বুলি। কিন্তু এটা কথা ঠিক হাতী আমাৰ দেশৰ সম্পদ, মঙ্গলৰ প্ৰতীক । হাতীয়ে বছৰটোত এঠাইৰ পৰা আন এঠাইলৈ প্ৰায় ৫০০ কিলোমিটাৰ পৰিভ্ৰমণ কৰে। কিন্তু অহা-যোৱা কৰা পথবোৰত আজি মানুহৰ বসতি আৰু বাধাৰ ওখ ওখ প্ৰাচীৰ। উত্তৰ কাছাৰ, কাৰ্বি পাহাৰ, মেঘালয়-গাৰোপাহাৰ, অৰুণাচল, ভূটানত এসময়ত হাতীৰ জাক দেখা গৈছিল। কিন্তু সেই অঞ্চলবোৰত জুমখেতি, শিলৰ কোৱেৰী, বিদ্যুৎ উৎপাদনৰ বাবে মানুহ থকা কলনী, ঔদ্যোগীকৰণৰ বাবে যিবোৰ হাতী অসমৰ ভৈয়ামলৈ নামি আহি পুনৰ উভতি গৈছিল আজি কিন্তু যাবলৈ বিচাৰিলেও বাটপথত হেঙাৰ হৈ পৰাত চাহ বাগিচাসমূহত আশ্ৰয় লয়। যি কেইখন বনাঞ্চল আছে, তাতো মানুহৰ দপদপনি। পাহাৰৰ নামনি অঞ্চললৈকে মানুহৰ বসতি, চাহ বাগিচা আৰু কৃষিভূমি। পথাৰৰ পকা ধান আৰু মানুহৰ বসতি অঞ্চলত থকা বাৰীৰ কল, কুঁহিয়াৰৰ বাগানবোৰৰ সোৱাদ পোৱা হাতীয়ে সেইবোৰৰ লালসাতো জনাঞ্চললৈ আহে। হাতীক খেদিবলৈ গ’লে যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰে। হয় হাতীয়ে অনিষ্ট কৰে,নহয় হাতীৰ অনিষ্ট হয়।


হাতীয়ে ৰবৰ গছৰ ডাল-পাত আৰু চাহপাত নাখায়। সকলো কলগছো নাখায়। কলৰ বাগানত ঔষধ প্ৰয়োগ কৰা বাবে কলগছো খুউব কমেহে খায়। কিন্তু, নষ্ট কৰি থৈ যায়। যিবোৰ অঞ্চলত মানুহে ঘৰ বান্ধি থাকিবলৈ বসবাস কৰিব লৈছে, বেছিভাগ ঠাই আগতে হাতীৰ বিচৰণস্থলী আছিল। এতিয়ালৈকে বনৰীয়া হাতীৰ দ্বাৰা যিমানবিলাক ঘৰ ভঙাৰ ঘটনা ঘটিছে, বেছিভাগৰ ঘৰেই এসময়ত বনাঞ্চল থকা এলেকাত নিৰ্মিত। ইয়াৰে সৰহসংখ্যক পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে অহা-যোৱা কৰা পথৰ আশে-পাশে বন্ধা। কিয় হাতীয়ে ঘৰ ভাঙে? ঘাঁহ খোৱা প্ৰাণীৰ আকৌ মানুহৰ ঘৰৰ লগত কি সম্পৰ্ক! হাতী বৰ লুভীয়া। ঘৰৰ ভিতৰত ধান-চাউলৰ গোন্ধ পালে ঢাপলি মেলে। তদুপৰি, চুলাই, লাওপানী তৈয়াৰ কৰিবলৈ চাউল সিজাই মদ তৈয়াৰ কৰিবলৈ যিবোৰ দ্ৰব্য দি গেলিবলৈ থৈ দিয়ে, তেনে খাদ্য খাবলৈ আহি ঘৰ ভাঙে। নিশা হাতী অহা সহজে গম পোৱা নাযায়। যেতিয়া ঘৰ ভাঙি পৰে, তেতিয়া ঘৰৰ ভিতৰত থকা মানুহবোৰ ঘৰ এৰি পলাবলৈ লয়। সেয়া স্বাভাৱিকো। কিন্তু পলাওতে কেনেবাকৈ হাতীৰ সন্মুখত পৰিলেই আক্ৰমণ কৰে। হাতীয়ে মানুহৰ দ্বাৰা খেদা-খেদিতহে উপাই নাপাইহে মানুহক মাৰে বা আক্ৰমণ কৰে। নতুবা অহা-যোৱা কৰোঁতে সন্মুখতে পালে অঘটনা ঘটে।

হাতীয়ে কিছুমান বিশেষ কাৰণতহে ঘৰ-দুৱাৰ ভাঙি মানুহৰ অপকাৰ কৰে বা মানুহ মাৰে। বহু সময়ত সিহঁতে অহাযোৱা কৰা পথত বন্ধা ঘৰকো কিন্তু ভঙা দেখা নাযায়। সিহঁতে মানুহৰ ঘৰ ভাঙি চাৰখাৰ কৰাৰ কিছুমান বিশেষ কাৰণ আছে। প্ৰথমতে, দিনত মানুহে হাতীক আন ঠাইলৈ খেদি পঠাবলৈ চেষ্টা কৰাত দিনটোত সিহঁতে পেট ভৰাই খাবলৈ নাপায়। সিদিনা গধূলি হোৱাৰ লগে লগে বনাঞ্চলৰ ওচৰৰ মানুহৰ ঘৰৰ বাৰীত প্ৰৱেশ কৰি পেট পূৰাবলৈ চেষ্টা কৰে। বাৰীৰ পৰা খেদি পঠিয়াব নোৱাৰিলে সংশ্লিষ্ট মানুহ ঘৰৰ ঘৰ ভাঙি খাদ্যৰ সন্ধান কৰে। জাকটোৱে এঘৰ মানুহৰ ঘৰ ভাঙিলে জাকৰ পৰা বহিষ্কৃত এটা বা দুটা হাতীয়ে ওচৰৰ আন এঘৰ বা দুঘৰ মানুহৰ ঘৰ ভাঙিবলৈ ধৰে। দ্বিতীয়তে, দিনৰ ভাগত মানুহে সিহঁতক অত্যাচাৰ নকৰিলেও যদি সিহঁতে থকা বনাঞ্চলত পৰ্যাপ্ত পৰিমাণৰ খাদ্য খাবলৈ নাপায়, তেন্তে ৰাতিৰ ভাগত মানুহৰ বাৰীত সোমাই আৰু সুবিধা পালেই ঘৰ ভাঙি খাদ্য বিচাৰি পেট ভৰাবলৈ চেষ্টা কৰে। তৃতীয়তে, দিনৰ ভাগত পেট ভৰাই খাদ্য খাবলৈ পালেও, মানুহে যাঠি-জোঙৰে সিহঁতক অত্যাচাৰ কৰিলে, বিশেষকৈ জাকটোৰ পৰা বহিষ্কৃত হাতীবোৰৰ আচৰণ অতি ভয়ানক হৈ পৰে। এনে লাগে যেন সিহঁতে প্ৰতিশোধ ল’বলৈ নাপালে শান্তিয়ে নাপাব। গতিকে, এনে আচৰণৰ সময়ত সিহঁতে কোনো মানুহৰ ঘৰ ভাঙি বা সুবিধা পালে মানুহ মাৰিহে শান্ত হৈ পৰা যেন লাগে। চতুৰ্থতে, পোৱালি অৱস্থাৰ সময়ত মানুহে ডাঙৰ হাতীবোৰক কৰা অত্যাচাৰ দেখিলে বা কোনো পোৱালি হাতীয়ে তাৰ মাকক মানুহৰ দ্বাৰা হত্যা কৰা দেখিলে, ডাঙৰ হোৱাৰ পাছত সেই হাতীটো খঙাল হৈ পৰে। হাতীটোৱে মানুহ দেখিলেই চোঁচা মৰি আহে আৰু সুবিধা পালে মাৰি থৈ যায়। পঞ্চমতে, মানুহ মাৰি থৈ যোৱা ঘটনাবিলাক সুক্ষ্মভাৱে অধ্যয়ন কৰিলে দেখা যায় যে হাতীয়ে আত্মৰক্ষাৰ বাবেহে মানুহ মাৰে। বৃহৎ জন্তু হ’লেও হাতীয়ে মানুহক ভয় কৰে। জনাঞ্চলৰ পৰা পুনৰ বনাঞ্চললৈ ঘূৰি যোৱাৰ পাছত হাতীয়ে কিছু নিৰাপত্তা অনুভৱ কৰে। মানুহে জনাঞ্চলৰ পৰা সিহঁতক খেদি খেদি বনাঞ্চললৈ নিওঁতে সিহঁত আত্মৰক্ষাৰ বাবে সাজু হয় । (বনাঞ্চলত প্ৰৱেশ কৰিলেহে হাতীয়ে মানুহক আক্ৰমণ কৰা বুলি ক’ব পাৰি)। জাকটোত পোৱালি হাতী থাকিলে হাতীৰ আত্মৰক্ষাৰ প্ৰৱণতা কিছু বেছি হয়। আত্মৰক্ষাৰ বাবে জাকত থকা হাতীয়ে সুবিধা পালেও মানুহ নামাৰিব পাৰে, কিন্তু অকলশৰীয়া হাতীয়ে সেই সুবিধা সহজে এৰি নিদিয়ে। জানিব পৰা গৈছে যে হাতীয়ে সেইসকল মানুহক আক্ৰমণ কৰে বা হত্যা কৰে যিসসকলে বেছিকৈ হাতীক ভয় খুৱায় বা যিসকল মানুহৰ হাতীৰ প্ৰতি খুউব বেয়া মনোভাৱ (Negative Attitude) আছে। হাতীয়ে কোনজন মানুহে সিহঁতৰ প্ৰতি কি মনোভাৱেৰে আৰু কেনে ভাষা ব্যৱহাৰ কৰে, সেয়া চিনাক্ত কৰিব পাৰে। বহুতেই ভাবিব পাৰে কণ কণ শিশু বা মহিলাক কিয় আক্ৰমণ কৰে?

বন্যস্বভাৱ থকা প্ৰতিটো জন্তুয়ে সন্মুখত যাকে পায় তাক আক্ৰমণ কৰে।

হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ হ’লে ধংস হোৱা বনাঞ্চলসমূহ পৰা দখলকাৰীসকলক উচ্ছেদ কৰিবই লাগিব। তাত কিছু বছৰ ছন (একো নকৰাকৈ) পৰি থাকিলে পুনৰ বনাঞ্চললৈ ৰূপান্তৰ হ’ব। অসমৰ মাটিৰ ইয়ো এটা বৈশিষ্ট। বনাঞ্চলৰ ভিতৰত বিশেষকৈ কঁঠাল, আম, দিমৰু, বাঁহ আদি ৰোপণ কৰিব লাগিব। ঘাঁহনি তৈয়াৰ কৰিব লাগে। যি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰপ বেছি তেনে ঠাইত কুনকী হাতী ৰাখি হাতী খেদাৰ ব্যৱস্থা কৰিলে বহু পৰিমাণে সুফল পোৱা যায়। যিবোৰ চাহ বাগিচাত হাতীয়ে সঘনাই আশ্ৰয় লৈ থাকিব বিচাৰে তেনে চাহ বাগিচাৰ কৰ্তৃপক্ষই সম্ভৱপৰ ঠাইত কৃত্ৰিমভাৱে পানী আৰু কিছু মাটিত চাহৰ সলনি ঘাঁহনি তৈয়াৰ কৰা উচিত। চুলাই, লাওপানী বা তেনে সাম্গ্ৰী প্ৰস্তুত কৰা দ্ৰব্য আদি ঘৰত ৰাখিবই নালাগে। আত্মৰক্ষাহে মূল হ’ব লাগে। আক্ৰমণ নহয়।

5 views0 comments