আকৌ এনকাউণ্টাৰ : কোকৰাঝাৰত ভাং ব্যৱসায়ীৰ ভৰি ভেদিলে আৰক্ষীৰ গুলীয়ে





অসমত অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰতা অব্যাহত আছে। অব্যাহত আছে পলায়ন কৰিব খোজা অপৰাধীৰ ভৰিলৈ গুলীচালনা। ইয়াৰে শেহতীয়া ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ বিছমুৰিত। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলোৱা ভাং ব্যৱসায়ী এজন গুলীবিদ্ধ হয়। আহত ব্যৱসায়ীটোৰ নাম হৰেন্দ্ৰ যাদৱ।



বিছমুৰিত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ধৃত ভাং ব্যৱসায়ীজনে।লগে লগে আৰক্ষীয়ে ভৰিলৈ গুলীচালনা কৰে।

হৰেন্দ্ৰ যাদৱ গুলীত আহত হৈ ঠাইতে বাগৰি। অপৰাধীটোক কোকৰাঝাৰ আৰক্ষীয়ে সোমবাৰে আটক কৰিছিল।

ভৰিত গুলী লগা হৰেন্দ্ৰক প্ৰথমে ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰৰ হাস্পাতালত।

পৰৱৰ্তী সময়ত তেওঁক স্থানান্তৰিত কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ।

5 views0 comments