আকৌ এনকাউণ্টাৰ : ধুবুৰীত গো-মাফিয়া সহিদুৰৰ ভৰিত আৰক্ষীৰ গুলী




বছৰ বাগৰিল, অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ কোনো সলনি হোৱা নাই। বিশেষকৈ এনকাউণ্টাৰৰ ক্ষেত্ৰত আৰক্ষীৰ বন্দুক-পিস্তল সমানেই সক্ৰিয় হৈ আছে। নৱবৰ্ষৰ দিনকেইটাত ইতিমধ্যে কেইবাজনো অপৰাধী আৰক্ষীৰ গুলীত আহত হৈছে। অনুৰূপ ধৰণে শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ গুলীত ড্ৰাগছ তথা গো-মাফিয়া এজন আহত হয়। আহত মাফিয়াটোক সহিদুৰ ৰহমান ওৰফে লান বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে গৰুৰ চোৰাং কাৰবাৰ আৰু ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী সদৰ আৰক্ষী থানাত সহিদুৰৰ বিৰুদ্ধে পূৰ্বেই 1929/21 U/S 379/411 IPC R/W sec.13 ধাৰাত ৰুজু হৈ আছিল গোচৰ।


গোচৰটোৰ ভিত্তিত নিশা ধুবুৰী আৰক্ষীয়ে সহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। তেওঁ মাজনিশা এজন আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে। গুলীয়ে ভৰিত আঘাত কৰা সহিদুৰৰ পলায়নৰ অপচেষ্টা ব্যৰ্থ হয়। বৰ্তমান সহিদুৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

3 views0 comments