আকৌ এনকাউণ্টাৰ : মাৰ্ঘেৰিটাত হত্যাত অভিযুক্তলৈ গুলী




আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাই আৰক্ষীৰ গুলীত আহত হ'ল এজন হত্যাত অভিযুক্ত। বিক্ৰম দাস নামৰ আহতটো বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। ঘটনাটো তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ।



আহত বিক্ৰম দাসে সম্পৰ্কীয় ভাগিনীয়েক ৰাহুল দাসক পাৰিবাৰিক কাৰণত সংঘটিত কাজিয়াত হত্যা কৰিছিল৷ ঘটনাৰ পিছতে আৰক্ষীয়ে বিক্ৰম দাসক গ্ৰেপ্তাৰ কৰিছিল। যোৱানিশা তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল। তেতিয়া তেওঁক আৰক্ষীয়ে ভৰিলৈ গুলীয়ায়।

5 views0 comments