আকৌ এনকাউণ্টাৰ : খেৰণিত বলাৎকাৰীৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে





বেছি দিন হোৱা নাই। অসমত এনিশাতে দুজন ধৰ্ষণকাৰী আৰক্ষীৰ গুলীত নিহত হৈছিল। তাৰে এটাৰ নাম বিকি আলী। আনটোৰ নাম ৰাজেশ মুণ্ডা। ইয়াতে আৰক্ষীৰ বন্দুক থমকি ৰোৱা নাই। সোমবাৰে নিশা আৰু এটা ধৰ্ষণকাৰী আৰক্ষীৰ গুলীত আহত হৈছে।


এইবাৰ ঘটনাৰ স্থান পশ্চিম কাৰ্বি আংলঙৰ খেৰণি। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলোৱা বলাৎকাৰী এটাক আৰক্ষীয়ে বাওঁভৰিলৈ লক্ষ্য কৰি গুলীয়ায়। আহত বলাৎকাৰীটো বৰ্তমান চিকিৎসাধীন।


ধৰ্ষণকাৰীটোৰ নাম হৰেন্দ্ৰ ৰাম। তেওঁৰ বিৰুদ্ধে ৫ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উঠিছে। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এনকাউণ্টাৰৰ পূৰ্বে শূন্যলৈ দুই জাঁই গুলীচালানাও কৰে আৰক্ষীয়ে।

4 views0 comments