এনকাউণ্টাৰ অব্যাহত : নগাঁও আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া ইফু




ড্ৰাগছ মাফিয়া হওক বা আন আন ক্ষেত্ৰৰ অপৰাধী, অসম এতিয়া সকলোৰে বাবে এখন বিপজ্জনক ঠাই হৈ পৰিছে। চৰকাৰত নেতৃত্ব সলনিৰ লগে লগে ৰাজ্যখনলৈ অহা এই পৰিৱৰ্তনৰ অন্যতম প্ৰধান সাক্ষী নগাঁও জিলা। জিলাখনত বিগত প্ৰায় ছমাহত সংঘটিত এনকাউণ্টাৰত কেইবাজনো অপৰাধীয়ে সমুচিত শিক্ষা পাই থৈছে। ইয়াৰে শেহতীয়া সংযোজন ইফু। যুৱ কংগ্ৰেছৰ নেতাজনৰ আচল নাম আব্দুল বাছেদ। কিন্তু ড্ৰাগছ মাফিয়াজন ইফু নামেৰেও নগাঁৱত কুখ্যাত। কুখ্যাত ড্ৰাগছ মাফিয়াটো সোমবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয়।


সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত ইফুৱে আজাদ নগৰস্থিত নিজ বাসভৱনত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলায়। মাফিয়াটোক কৰায়ত্ত কৰিবলৈ চলোৱা অভিযানত ইফুৱে পলাবলৈ চেষ্টা চলায়। মাফিয়াটোক কৰায়ত্ত কৰাৰ স্বাৰ্থত আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয়। গুলীয়ে সোঁভৰিত আঘাত কৰে আৰু ড্ৰাগছ মাফিয়াটো গুৰুতৰভাৱে আহত হয়।


উল্লেখ্য যে কুখ্যাত অপৰাধী ইফু নগাঁও আৰক্ষীৰ মোষ্ট ৱাণ্টেডৰ তালিকাৰ এজন অন্যতম সদস্য। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছিল। কিন্তু সফল হোৱা নাছিল। ইফুৰ বিৰুদ্ধে নগাঁও সদৰ থানাকে ধৰি বহু থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে। সাত বছৰ পূৰ্বে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ বৰবজাৰস্থিত বাসভৱনত আক্ৰমণ কৰাৰ অপৰাধত জে'লৰ ভাত খাব লগা হৈছিল ইফুৱে। পৰৱৰ্তী সময়ত জে' লৰ পৰা ওলাই পুনৰ ড্ৰাগছকে বিভিন্ন অপৰাধত ধৰে। দুধৰ্ষ অপৰাধীটোৰ লগত থকা আন ৭ জন ব্যক্তিকো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে। ইপিনে, ঘটনাৰ পাছতে আহত ইফুক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে।

3 views0 comments